24 C
Guwahati
Thursday, May 19, 2022
More

    অলিম্পিকত ৰূপৰ পদক অৰ্জনেৰে দেশবাসীক গৌৰৱান্বিত কৰা মীৰাবাঈ চানু হ’ল অতিৰিক্ত আৰক্ষী অধীক্ষক

    অলিম্পিকত ৰূপৰ পদক অৰ্জনেৰে দেশবাসীক গৌৰৱান্বিত কৰা মীৰাবাঈ চানু হ’ল অতিৰিক্ত আৰক্ষী অধীক্ষক

    টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জনেৰে দেশবাসীক গৌৰৱান্বিত কৰা মীৰাবাঈ চানুক মণিপুৰ চৰকাৰে আজি অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে নিযুক্তি প্ৰদান কৰে।

    মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ বাসগৃহত আয়োজিত এক অনুষ্ঠানত মীৰাবাঈ চানুৱে মণিপুৰ আৰক্ষী বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া)ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে।

    ‘আমাৰ দেশৰ গৌৰৱ অলিম্পিক পদকজয়ী মীৰাবাঈ চানুৱে আজি মণিপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া)ৰ দায়িত্ব গ্ৰহণ কৰে’, এইদৰে কয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিঙে।

    ‘মণিপুৰ আৰক্ষীত অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) হিচাপে যোগদান কৰাটো এক সন্মানৰ বিষয়’, দায়িত্ব গ্ৰহণ কৰি চানুৱে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

    উল্লেখ্য যে, যোৱা বছৰ জাপানৰ টকিঅ’ত অনুষ্ঠিত হৈ যোৱা অলিম্পিকত ভাৰত্তোলক মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি মণিপুৰৰ লগতে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছিল।

    আৰু পঢ়ক : ক’ভিড পৰিস্থিতিৰ বাবে বাতিল আঁহতগুৰিৰ ম’হযুঁজ, হতাশ আঁহতগুৰিৰ ৰাইজ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং