ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক সাক্ষাৎ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৰ

0
1067
ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক সাক্ষাৎ ৰূপৰ পদক বিজয়ী মীৰাবাঈ

সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে বুধবাৰে মুম্বাইত ক্ৰিকেটৰ কিংবদন্তী শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰে।

ক্ৰিকেটাৰগৰাকীৰ মুম্বাইস্থিত বাসগৃহত সাক্ষাত কৰি চানুৱে ফুলৰ থোপা উপহাৰ দিয়ে।

টুইটাৰত ফটো শ্বেয়াৰ কৰি চানুৱে কয়, ‘আজি ৰাতিপুৱা শচীন তেণ্ডুলকাৰক লগ পায় ভাল লাগিল! তেওঁৰ জ্ঞান আৰু অনুপ্ৰেৰণাৰ কথাবোৰ সদায় মোৰ লগত থাকিব। সঁচাকৈয়ে অনুপ্ৰাণিত’।

উল্লেখ্য যে মীৰাবাঈ চানুৱে সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত ভাৰত্তোলনৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল।

মণিপুৰৰ কন্যা চানুৱে অলিম্পিকৰ দ্বিতীয় দিনটোতে ভাৰতৰ হৈ প্ৰথমটো পদক জয়ী হৈছিল।

আৰু পঢ়ক : চলচ্চিত্ৰগৃহত নিষিদ্ধ এই ১০ খন ছবি এতিয়া চাব পাৰিব নেটফ্লিক্স, হটষ্টাৰ আৰু য়ু-টিউবত