
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইক মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ বাসগৃহত আহাৰ গ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনায়।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছত অলিম্পিক পদক বিজয়ী বক্সাৰ গৰাকীয়ে টুইটাৰত এটা ভিডিঅ’ আপলোড কৰে।
সৰ্বানন্দ সোণোৱালৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি লাভলীনাই লিখে, “সুদীৰ্ঘ এবছৰতকৈয়ো অধিক সময়ৰ পাছত ঘৰত বনোৱা অসমীয়া আহাৰৰ সোৱাদ লৈছো। ধন্যবাদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ ইমান সুন্দৰ খাদ্যৰ বাবে।”
উল্লেখযোগ্য যে, সদ্য সমাপ্ত টকিঅ’ অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক জয় কৰি লাভলীনা বৰগোঁহাই অলিম্পিকত পদক জয় কৰা প্ৰথম অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
অলিম্পিকত পদক জয় কৰা অসম গৌৰৱ সন্তান গৰাকীয়ে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব।
গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে আবেলি অসম চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব।