মেঘালয়ত ডাইনী সন্দেহত জীৱন্তে পুতি পেলালে ৮০ বছৰীয়া বৃদ্ধক

0
105

মেঘালয়ত সংঘটিত হৈছেএক জঘন্য ঘটনা।দাইনীৰ সন্দেহত পশ্চিম গাৰো পাহাৰৰ ৮০ বছৰীয়া এজন বৃদ্ধ লোকক জীৱন্ত পুতি পেলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বৃদ্ধ লোকজনক আৰক্ষীয়ে প্ৰায় ৫ ফুট দ গাতৰ পৰা উদ্ধাৰ কৰিছে।তেওঁৰ লোৱাৰ ওপৰি ভৰি বস্তাত ভৰাই ৰচি মুখখন কাপোৰেৰে বান্ধি লোৱা হৈছিল।

এই ক্ষেত্ৰত ৰাজ্যখনৰ গৃহমন্ত্ৰী লখমেন ৰুনবুইয়ে অতি দুখজনক ঘটনা বুলি মন্তব্য প্ৰকাশ কৰিছে।আইনৰ দ্বাৰা ইয়াৰ সঠিক বিচাৰ লোৱা হব লগতে এই ঘটনাৰ সন্দৰ্ভত অনুসন্ধান চলি আছে বুলি মন্তব্য প্ৰকাশ কৰে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে নংগষ্টন আৰক্ষী চকীত গাওঁবুঢ়াৰ দ্বাৰা গোচৰ ৰুজু কৰা হৈছে।লগতে আৰক্ষীয়ে এতিয়ালৈ ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, মৰিছেপ্ৰায় এমাহ ধৰি বেমাৰত পৰি থকা ভতিজীয়েকৰ ওপৰত জৰা ফুকা আৰম্ভ কৰিছিল আৰু তাৰ বাবেই তেওঁক জীৱন্তে পুতি পেলোৱা হৈছিল।   

Photo Credit: East Coast English Daily