“দূৰ্বল পথত হোৱা দুৰ্ঘটনাৰ বাবে দায়ী হ’ব অভিযন্তা সকল”, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

0
1150

“দূৰ্বল পথত হোৱা দুৰ্ঘটনাৰ বাবে দায়ী হ’ব অভিযন্তা সকল”, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ দূৰ্বল পথৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাৰ দায়ী হ’ব অভিযান্ত্ৰিক বিষয়াসকল

এইবাৰ দেশৰ পথ সুৰক্ষাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিশেষ সিদ্ধান্ত গ্ৰহন কৰিছে। জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ সিদ্ধান্ত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ।

যিকোনো দুৰ্বল পথৰ ফলত সংঘটিত হোৱা গুৰুতৰ দুৰ্ঘটনাৰ বাবে এতিয়াৰ পৰা অভিযান্ত্ৰিক বিষয়াসকল দায়ী হ’ব বুলি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ঘোষণা কৰিছে।

ভাৰত চৰকাৰ, ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (MORTH) পথ সুৰক্ষাৰ বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছে। কেৱল এয়াই নহয়, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০২৪ চনলৈ দেশত সংঘটিত হ’ব লগা পথ দুৰ্ঘটনাৰ সংখ্যা আধালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে বিগত সময়ত পথ দুৰ্ঘটনাৰ ফলত বৃদ্ধি পোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে লোৱা হৈছে এই সিদ্ধান্ত।