টিক টক নিষিদ্ধ হোৱাক লৈ TMC সাংসদ নুছৰত জাহানৰ প্ৰতিক্ৰিয়া- নিবনুৱাসকলৰ কি হ’ব?

0
23868

ভাৰত আৰু চীনৰ বিবাদৰ মাজতে ডেটা সুৰক্ষাৰ বাবে সোমবাৰে ভাৰত চৰকাৰে চীনৰ ৫৯টা এপছ্ নিষিদ্ধ ঘোষণা কৰিছে। নিষিদ্ধ হোৱা এপসমূহৰ মাজত অন্তৰ্ভুক্ত হৈছে জনপ্ৰিয় ভিডিঅ’ এপ টিকটক।

নিষিদ্ধ ঘোষণা কৰাৰ পিছতে সাংসদ নুছৰত জাহাই টিক টক নিষিদ্ধ কৰাৰ সিদ্ধান্তত প্ৰশ্ন উত্থাপন কৰে।

আজি কলকাতাত নুছৰত জাহাই ইছকনৰ তৰফৰ পৰা আয়োজন কৰা উল্টা ৰথ যাত্ৰা উত্সৱত অংশগ্ৰহণ কৰে। এই উত্সৱতে তেওঁ টিকটক নিষিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ ক’লে, “টিক টক বিনোদন এপ হয়। এয়া আৱেগিকভাৱে লোৱা সিদ্ধান্ত হয়। ৰণনীতি পৰিকল্পনা কি? সেইসকল লোকৰ কি হ’ব যিসলক লোক নিবনুৱা হ’ব?

বিমুদ্ৰাকৰণৰ দৰে ৰাইজে ইয়াক সহ্য কৰিব লাগিব। নিষিদ্ধ কৰিছে এইটো মই বেয়া পোৱা নাই যিহেতুকে এয়া ৰাষ্ট্ৰীয় সুৰক্ষা হেতু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু এইসমূহ প্ৰশ্নৰ উত্তৰ কোনে দিব?

আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে নুছৰত জাহান জনপ্ৰিয় বেংগলী অভিনেত্ৰী।

২০১৯ত তেওঁ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীত্বত বছীৰহাটৰ পৰা নিৰ্বাচনত যুঁজ দিছিল আৰু জয়ীও হৈছিল।

নুছৰত নিজৰ মন্তব্যৰ বাবে প্ৰায়ভাগ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে।

নিষিদ্ধ হোৱা সন্দৰ্ভত টিক টকে কি ক’লে?

টুইটাৰত এটা পোষ্টযোগে টিক টক ইণ্ডিয়াৰ প্ৰধান নিখিল গান্ধীয়ে ক’লে, ”ভাৰত চৰকাৰে ৫৯ এপছ্ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আমি আদেশ গ্ৰহণ কৰিছো। ইয়াৰ বাবে আমি চৰকাৰী এজেঞ্চীৰ সৈতেও মিলিত হম আৰু নিজৰ স্পষ্টীকৰণ প্ৰকাশ কৰিম।”

Photo Credit: nyoooz.com