নুপুৰ শৰ্মাৰ মন্তব্যৰ পাছতে উত্তাল দেশ- ৰাজপথলৈ ওলাই আহিল জনতা, ভিন্ন ঠাইত শিলাবৰ্ষণ, লাঠিচাৰ্জ, পানী হিলৈ, শূণ্যলৈ গুলি আদি

0
182

নুপুৰ শৰ্মাৰ মন্তব্যৰ পাছতে উত্তাল দেশ- ৰাজপথলৈ ওলাই আহিল জনতা, ভিন্ন ঠাইত শিলাবৰ্ষণ, লাঠিচাৰ্জ, পানী হিলৈ, শূণ্যলৈ গুলি আদি

আজি শুকুৰবৰীয়া জুম্মা নামাজৰ পাছতে দেশৰ ভিন্ন ঠাইত ৰাজপথলৈ ওলাই আহিল জনতা। প্ৰতিবাদ মুখৰ হৈ পৰে আজি দেশৰ ভিন্ন প্ৰান্তৰ ৰাজপথ। শ শ জনতাই প্ৰতিবাদ কৰে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ বাবে।

নুপুৰ শৰ্মাই কোৱা এক মন্তব্যৰ পাছতে আজি দেশত এইদৰে ৰাজপথলৈ ওলাই আহে ক্ষোভিত জনতা। যাৰ বাবে নাগৰিকক নিয়ন্ত্ৰণ কৰিবলৈ সেনা জোৱান মোতায়েন কৰা হয়।

কিন্তু ইয়াৰ ফলত যেন অধিক বেয়াৰ ফালে ঢাল খায় পৰিস্থিতি। কোনো কোনো ঠাইত শিলাবৰ্ষণো হোৱা দোখিবলৈ পোৱা যায়।

কৰবাত লাঠি চাৰ্জো কৰা দিখিবলৈ পোৱা যায়। কোনো ঠাইত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ শূণ্য়লৈ গুলি কৰাও পৰিলক্ষিত হয়।

দেশৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় এই প্ৰতিবাদৰ জুইৰ দাৱানল। দেশৰ ৰাঁচী, প্ৰয়াগৰাজ, আজমগড়, ৰায়বৰেলী, ধনবাদ, মুৰাদাবাদ, লক্ষ্ণৌ, সহাৰনপুৰ, দেৱবন্দ, হাথৰচ, ফিৰোজাবাদ আদিত প্ৰতিবাদী সমদল উলিয়াই জনতাই।

উল্লেখ্য় যে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাষ্ট্ৰীয় প্ৰবক্তা নুপুৰ শৰ্মাই বিগত মাহত এক টেলিভিছনৰ তৰ্কৰ অনুষ্ঠানত অংশ লৈ ইছলাম আৰু পইগম্বৰ মহম্মদ সাহাবৰ ওপৰত বিবাদিত মন্তব্য কৰিছিল।

যি মন্তব্যৰ পাছতে বিজেপিয়ে নিলম্বন কৰিছিল নেত্ৰী গৰাকীক। সেই মন্তব্যক লৈয়ে এতিয়া দেশত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।

বৰ্তমানে ভিন্ন ঠাইত বহু কেইগাৰকী লোককো আটক কৰিছে আৰক্ষীয়ে। সান্ধ্য আইনো জাৰি কৰিছে কিছু অঞ্চলত।