কোন হ’ব দেশৰ পৰৱৰ্তী চি ডি এছ? প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ অজিত ডোভালৰ

0
64
কোন হ'ব দেশৰ পৰৱৰ্তী চি ডি এছ? প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ অজিত ডোভালৰ

কোন হ’ব দেশৰ পৰৱৰ্তী চি ডি এছ? প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ অজিত ডোভালৰ

দেশৰ প্ৰথম চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পিছত নতুন তথা দেশৰ দ্বিতীয়গৰাকী চি ডি এছ কোন হ’ব তাক লৈ আৰম্ভ হৈছে চৰ্চা।

এই বিষয়ক লৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিস্তৃত ৰূপত আলোচনা কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰথম চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১ গৰাকী সৈন্য বাহিনীৰ বিষয়া-জোৱানৰ মৃত্যু হৈছিল।

জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পিছৰে পৰা নতুন চি ডি এছ নিয়োগ সম্পৰ্কে চৰকাৰ তথা নিৰাপত্তাৰক্ষীৰ তিনিওটা বাহিনীৰ মাজত আলোচনা আৰম্ভ হৈছে।

চৰকাৰৰ উদ্ধৃতিৰে বিভিন্ন সূত্ৰই প্ৰকাশ কৰা বাতৰি অনুসৰি দেশৰ পৰৱৰ্তী তথা দ্বিতীয়গৰাকী চি ডি এছ হিচাপে সৰ্বাধিক চৰ্চিত হৈ আছে বৰ্তমানৰ সেনা প্ৰধান মনোজ মুকুন্দ নাৰৱাণেৰ নাম।

এতিয়ালৈকে এই বিষয়ত চৰকাৰৰ তৰফৰ পৰা কোনো মন্তব্য অহা নাই যদিও দুই-এদিনৰ ভিতৰতে দেশে দ্বিতীয়গৰাকী চি ডি এছ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।  

আৰু পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্ট হেক, বিটকইন সম্পৰ্কে কৰিলে টুইট