
NRC জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিল হে , এই বুলি আজি ক্ষোভ উজাৰে APWৰ সভাপতি অভিজিৎ শৰ্মাই। এনআৰচি প্ৰকাশৰ আজি ১টা বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিততেই সংবাদমেলৰ আয়োজন কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰে শৰ্মাই।
গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা এই সংবাদমেলতেই অভিজিৎ শৰ্মাই কয় যে, এই এন আৰ চি কেৱল দেখত হে প্ৰকৃত ভাৰতীয়ৰ বাবে হৈ থাকিল। ভিতৰি ই বাংলাদেশীৰ বাবেই এক উপযুক্ত আইন হ’ল যাৰ জৰিয়তে বাংলাদেশী সকলে ভাৰতীয় হোৱাৰ বাবে প্ৰমাণ প্ৰত্ৰ লাভ কৰে।
আজিৰ পৰা এটা বচৰ পূৰ্বে ২০১৯ চনৰ ৩১ আহষ্টতেই প্ৰকাশ পাইছিল এল আৰ চি। সংহাদমেলত শৰ্মাই কয় যে, যি সন্দেহ কৰা হৈছিল শেষত হৈ সেয়াই হ’ল। ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিল হে।
৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে এন আৰ চিত। কেৱল প্ৰকৃত স্থায়ী লোক সকলেই আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকি গল।
শৰ্মাই ইয়াকো কয় যে, APWৱে ১০টা বছৰ নষ্ট কৰিলে এন আৰ চিৰ নামত। পিছে সকলো অথলে গল। হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ’ল।
RGI, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এল আৰ চিক লৈ মনোযোগৰ অভাৱ।
আনহাতে এই সংবাদমেলত এই দাবী তুলে যে, কৰ’ণাৰ বাবে যেনেদৰে বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে তেনেদৰে বিধানসভাৰ নিৰ্বাচনো পিছুৱাব লাগে। বিদেশীৰ নামমুক্ত শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।
Photo Credit: @dhrubaborah