এইবাৰ এই ক্ৰিকেটাৰজনো টি-২০ বিশ্বকাপৰ পৰা হ’ল বাহিৰ, কাৰণ জানি হ’ব আচৰিত

0
11408

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে ১৬খন দেশৰ সকলো দলে নিজৰ নিজৰ খেলুৱৈৰ ঘোষণা কৰিছে। ইফালে ৱেষ্ট ইণ্ডিজৰ দলটো ইতিমধ্যে অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে। কিন্তু খবৰ আহিছে যে দলটোৰ তাৰকা বেটছমেন শ্বিমৰন হেটমায়াৰ ৱেষ্ট ইণ্ডিজ বিশ্বকাপৰ দলৰ পৰা বাহিৰ হৈছে।

বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো তেনেই সাধাৰণ কথা যদিও তেওঁ বাহিৰ হোৱা কাৰণটো জানিহে সকলোৱে আচৰিত হৈছে।

দৰাচলতে অষ্ট্ৰেলিয়ালৈ যোৱা বিমান মিছ কৰাৰ বাবে শ্বিমৰন হেটমায়াৰ ৱেষ্ট ইণ্ডিজ দলৰ বাহিৰ হৈছে আৰু এতিয়া তেওঁৰ ঠাইত শ্বামৰাহ ব্ৰুকছক দলটোত অন্তৰ্ভুক্ত কৰা হৈছে।

শ্বিমৰন হেটমায়াৰে প্ৰকৃততে নিজৰ ভুলৰ বাবেই দলৰ পৰা বাহিৰ হৈছে। প্ৰকৃততে বিমান বন্দৰত দেৰিকৈ আহি পোৱা বাবেই বিশ্বকাপ খেলাৰ সুযোগ হেৰুৱাছে হেটমেয়াৰে।

উল্লেখ্য যে উইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে কৈছে যে ১ অক্টোবৰত হেটমায়াৰে দলৰ সৈতে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব লাগিছিল। কিন্তু তেওঁ ব্যক্তিগত কাৰণ দাঙি ধৰি ভ্ৰমণসূচীৰ কিছু সালসলনি কৰে। ইয়াৰ পিছত ৩ অক্টোবৰত তেওঁৰ বাবে এখন বিমান বুকিং কৰা হয়। কিন্তু এইবাৰো তেওঁ সময়মতে বিমানবন্দৰত উপস্থিত হ’ব নোৱাৰিলে আৰু ইয়াৰ লগে লগে ব’ৰ্ডে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাহিৰ কৰি দিলে।

স্মৰ্তব্য যে ছুপাৰ-১২ত প্ৰৱেশ কৰিবলৈ হ’লে ৱেষ্ট ইণ্ডিজে কোৱালিফাইং ৰাউণ্ডত জয়ী হ’ব লাগিব। ১৭ অক্টোবৰত স্কটলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ৱেষ্ট ইণ্ডিজৰ দলটোৱে।