সাধাৰণতে চৰকাৰী বেংকসমূহত কাম-কাজ পুৱা ১০ বজাৰ পৰা আৰম্ভ হয়। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হয় সকলো কাম-কাজ। কিন্তু দিনৰ মাজভাগলৈহে ধনৰ লেন-দেন হয় গ্ৰাহকৰ সৈতে। এই সময়খিনিৰি মাজতে যদি আপোনাৰ বেংকৰ কোনো কাম কৰিবলগীয়া থাকে তেন্তে আপুনি বেংকলৈ আহিবলগীয়া হয় এই সময়খিনিৰ মাজতে।
কিন্তু এতিয়াৰে পৰা সলনি হ’ব সকলো। কাৰণ আগন্তুক মাহৰ পৰা সলনি হ’ব বেংকৰ সময়সূচী। এতিয়াৰে পৰা বেংক খুলিব পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈ। বেংকৰ নতুন সময়সূচী আগন্তুক মাহৰ পৰা বলবৎ হোৱাৰ সম্ভাৱনা।
বিত্ত মন্ত্ৰালয়ে বেংকিং ডিভিজনত সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰতিটো চৰকাৰী আৰু ক্ষেত্ৰীয় গ্ৰামীন বেংক (RRB) খুলিব পুৱা ৯ বজাত। দেশজুৰি বেংক খোলাৰ সময় একেধৰণৰ কৰিবৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ বেংকিং ডিভিজনে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে জুন মাহত এখন বৈঠক কৰিছিল। বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বেংকৰ শাখাসমূহ গ্ৰাহকৰ সুবিধা অনুসৰিহে খুলিব লাগে যাৰ বাবে বেংক শাখাসমূহ খোলাৰ সময় সলনিত মঞ্জুৰ দিয়ে।
এই নতুন সময় সূচী অনুসৰি বেংক খোলাৰ তিনিটা ভাগত বিভক্ত কৰা হয়। পুৱা ৯ বজাৰ পৰা দিনৰ ৩ বজালৈকে, দ্বিতীয়টো পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে আৰু তৃতীয়টো পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে। সকলো চৰকাৰী আৰু গ্ৰামীন বেংকসমূহত কাৰ্যকৰী হ’ব এই নতুন সিদ্ধান্ত।
অহা মাহৰ পৰা কাৰ্যকৰী হ’ব পাৰে নতুন সময় তালিকা
যিসকল গ্ৰাহকে বহু দেৰিলৈকে সেৱা পাব বিচাৰে তাৰ বাবে পূৰ্বৰ দৰেই পুৱা ১০ বা ১১ বজাৰ পৰা থাকিব বেংক খোলাৰ ব্যৱস্থা। সকলো চৰকাৰী আৰু গ্ৰামীন বেংকসমূহত প্ৰযোজ্য হ’ব এই নতুন সিদ্ধান্ত। নতুন সময় অনুসৰি ছেপ্টেম্বৰৰ পৰাই এনেদৰে বেংকৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা।
Guwahati | Edited by: Akash Chetry