26 C
Guwahati
Thursday, September 16, 2021
More

    খেলপথাৰতে মুখত টাৱেল লৈ কান্দোনত ভাগি পৰিল জকোভিছ, তিনিবাৰ ভাঙিলে ৰেকেট

    খেলপথাৰতে মুখত টাৱেল লৈ কান্দোনত ভাগি পৰিল জকোভিছ, তিনিবাৰ ভাঙিলে ৰেকেট

    ইউ এছ অপেনৰ ফাইনেলত ডানিল মেদভেদেভ হাতত পৰাস্ত হোৱাৰ পাছতে টেনিছ কোৰ্টৰ ভিতৰতে টাৱেল মুখত লৈ কান্দোনত ভাগি পৰে বিশ্বৰ শীৰ্ষস্থানীয় টেনিছ খেলুৱৈ নোভাক জকোভিছ।

    ডানিল মেদভেদেভে ইউ এছ অপেনৰ ফাইনেলত জোকোভিছক ৬-৪, ৬-৪,৬-৪ ৰ পোনপতীয়া ব্যাৱধানত পৰাস্ত কৰে।

    ডানিল মেদভেদৰ হাতত ইউ এছ অপেনৰ ফাইনেলত পৰাস্ত হোৱাৰ লগে লগে জকোভিছ ২১ গ্ৰেণ্ড শ্লাম অৰ্জনৰ বিশ্ব অভিলেখৰ পৰাও সাময়িকভাৱে বঞ্চিত হয়।

    বৰ্তমান ৰজাৰ ফেডেৰেৰ, ৰাফেল নাডাল আৰু জকোভিছে প্ৰত্যেকেই ২০ টাকৈ গ্ৰেণ্ড শ্লাম অৰ্জন কৰি আছে।

    উই এছ অপেনৰ ফাইনেল খেলখন চলি থকাৰ সময়ত জকোভিছে তিনিবাৰকৈ খঙৰ ভমকত নিজৰ ৰেকেট ভাগি পেলায়।

    খেলখনৰ ধাৰাভাষ্যকাৰে জকোভিছৰ এনে ৰূপ পূৰ্বতে কেতিয়াও দেখা নাছিল বুলিও মন্তব্য কৰে।

    আৰু পঢ়ক : ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ স্বীকৃতি প্ৰাপ্ত সৰ্বশ্ৰেষ্ঠ গাঁৱৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ এখন গাঁও, আছে বিশেষত্ব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং