ভংগ নহ’ল বিধায়কৰ নিদ্ৰা! ধেমাজিত ছাত্র সন্থাই বনালে দলং

0
301

ধেমাজি নগৰৰ পৰা মাত্র ৭ কিলোমিটাৰ আতঁৰত অৱস্থিত মৰিঢল ২ নং জামুগুৰি গাওঁ। যিখন গাঁৱত দেশৰ স্বাধীনতাৰ ৭২ বছৰৰ পাছতো নহ’ল কোনো পৰিৱৰ্তন। অসমতো প্ৰতিটো দলৰে চৰকাৰ আহিল আৰু গ’ল, কিন্তু গাওঁবাসীয়ে নিৰ্বাচনৰ সময়ত পোৱা আশ্বাস আজিও সঁচা নহ’ল।

কোনো মন্ত্রী-সাংসদ-বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিৰ পৰাও নাপালে চৰকাৰী আচঁনিৰ সুবিধা। গাওঁখনৰ মাজেৰে যোৱা মৰিঢল নৈৰ ওপৰত আজিলৈকে নিৰ্মাণ নহ’ল কোনো দলং অথবা কালভাৰ্ট, গাওঁখনৰ মূল পথটো পকীকৰণ কৰাৰ দূৰৰ কথা আজিলৈকে শিল বালি এটাও নপৰিল। এতিয়াও গাওঁবাসীয়ে বোকা পানীৰ মাজেৰে অহা যোৱা কৰাৰ লগতে এডাল বাহঁৰ সাকোৰ ওপৰতে নিৰ্ভৰ কৰি নৈখন পাৰ হ’ব লগা হৈছিল।

বাহঁৰ সাকোডালৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত অব্যাহত ৰাখিছিল ২ নং জামুগুৰিৰ লগতে চেনিমাই, লালুং, কলপনাপুৰ আদি গাঁৱৰ ৰাইজে। অতি পৰিতাপৰ কথা নৈখনৰ কাষতে অৱস্থিত নামঘৰটোত নিৰ্বাচনৰ আগতে আহি সকলোৱে এই সমস্যা সমাধানৰ প্ৰতিশ্ৰতি দি যায়।

ধেমাজিৰ বৰ্তমানৰ বিধায়ক ডা° ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাই নিৰ্বাচনৰ আগত সেই স্থানতে আহি মৰিঢল নৈৰ ওপৰত এখন দলং অথবা কালভাৰ্ট নিৰ্মাণৰ প্ৰতিশ্ৰতি দি গৈছিল কিন্তু বৰ্তমান সকলো ফুটুকাৰ ফেন হ’ল।

সহজ সৰল গাওঁবাসীৰ দুৰৱস্থা বুজিব নোৱাৰা ধুৰন্ধৰ ৰাজনীতিক সকলে কেৱল নিজৰ ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিলে গাওঁবাসীক। বহু আহ্বান, অনুনয় বিননয় কৰিও গাওঁবাসীয়ে নাপালে বিধায়কৰ পৰা কোনা সহাৰি।

শেষত উপায়ন্তৰ হৈ গাওঁবাসীয়ে সদৌ অসম ছাত্র সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীক গাওঁখনৰ দুৰৱস্থা কথা অৱগত কৰাৰ লগে লগে সদৌ ধেমাজি জিলা ছাত্র সন্থাই ব্যৱস্থা গ্ৰহণ কৰিলে।

সেই গাওঁ পৰিদৰ্শন কৰি ধেমাজি আৰু মৰিঢল আঞ্চলিক ছাত্র সন্থাৰ কৰ্মীসকলৰ শ্ৰমদান আৰু গাঁৱৰ বিকাশ, বিৰাজ, নুমল, পলাশ, বিজিত, মুন, সঞ্জয়, জিতুল নামৰ যুৱককেইজনৰ লগতে তথা গাঁৱৰ পুৰুষ মহিলা সকলোৰে সহযোগত ৪০ ফুট দৈঘ্যৰ বাহঁৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে।

শ্ৰমদান কাৰ্যসূচীত উপস্থিত থাকি সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগুক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে তেওঁৰ দুমুখীয়া নীতি পৰিত্যাগ কৰিবলৈ সকীয়াই দিয়ে।

লগতে জিলাখনৰ কোনো এটা সমস্যাক বিধানসভাত বলিষ্ঠভাৱে উপস্থাপন কৰি সমাধানৰ চেষ্টা কৰিব নোৱাৰাৰ অভিযোগ কৰি তেনে বিধায়কক ৰাজনীতি ত্যাগ কৰিবলৈ আহ্বান জনায় আছুৱে।

লগতে ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোহাঁই আৰু সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিযাই কয়, অতি সোনকালে যদি অসম চৰকাৰ আৰু গড়কাপ্তানি বিভাগে মৰিঢল নৈৰ ওপৰত এখন দলং বা কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ নকৰে তেন্তে ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব আছু।