‘মই ফতোৱা, মৃত্যুৰ ভাবুকিলৈ ভয় নকৰো গণেশ পূজা কৰিমেই’! ৰুবী আচিফ খানৰ মন্তব্য

0
115

‘মই ফতোৱা, মৃত্যুৰ ভাবুকিলৈ ভয় নকৰো গণেশ পূজা কৰিমেই’! ৰুবী আচিফ খানৰ মন্তব্য

উত্তৰ প্ৰদেশৰ আলিগড়ৰ বিজেপিৰ নেত্ৰী ৰুবী আচিফ খানে তেওঁৰ বাসগৃহত গণেশ পূজা অনুষ্ঠিত কৰাক লৈ তেওঁক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে ফতোয়াও জাৰি কৰিছিল।

কিন্তু তাৰ পিছতো ৰুবী আচিফে নিজৰ বাসগৃহত গণেশ পূজাৰ অন্তত আজি গংগাত গণেশক বিসৰ্জন দিয়ে। বিসৰ্জনৰ সময়ত তেওঁক কটকটীয়া নিৰাপত্তা দিয়া হৈছিল।

ঘটনাৰ সন্দৰ্ভত নেত্ৰী গৰাকীয়ে কয় যে’মই এইবোৰ কথাক লৈ ভয় নকৰো । ৩১ আগষ্টত মোৰ বাসগৃহত গণেশ ভগৱানক স্থাপন কৰিছিলো। তেতিয়াই মোৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিলে।

মৌলানাসকলে কৈছে যে মই ভগৱান গণেশক উপাসনা কৰিছো গতিকে মই হিন্দু হৈ পৰিলো। মোক ইছলামৰ পৰা উচ্ছেদ কৰাৰ ভাবুকি দিছে।

আনকি মোৰ পৰিয়ালটোক জ্বলাই হত্যা কৰাৰো ভাবুকি দিয়া হৈছে। যেতিয়া মই বাহিৰলৈ যাওঁ মানুহে মোক হিন্দু বুলি কয়।

কিন্তু মই এই ফতোয়া আৰু ভাবুকিবোৰলৈ ভয় নকৰোঁ। মই যিদৰে এইবাৰ গণেশ পূজা কৰিলো সেইদৰে আগলৈও মই এই পূজা কৰিয়ে যাম।