বিতৰ্কই লগ নেৰে ৰ’পৱে কতৃপক্ষক:২ বছৰীয়া শিশুৰ টিকটৰ মূল্য শুনিলে আচৰিত হব আপুনিও!

0
14835

ৰ’পৱে যাত্ৰা আৰম্ভ হোৱাৰ পৰাই এটাৰ পিছত আন এটা সমস্যাই দেখা দিছে । ৰ’পৱে আৰম্ভ হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে বিসংগতিয়ে দেখা দিছিল ৰ’পৱেত । অৱশ্যে পিছত আকৌ আৰম্ভ হৈছিল ৰ’পৱে সেৱা । বিসংগতিৰ বিতৰ্ক মাৰ নৌযাওঁতেই এইবাৰ পোহৰলৈ আহিছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেৰ অন্য এক বিতৰ্ক ।

আপুনি যদি নিজৰ দুই-তিনি বছৰীয়াৰ শিশুৰ সৈতে ৰ’পৱেত উঠিবলৈ আগ্ৰহী তেন্তে আপুনি শিশুটিৰ টিকটৰ মূল্য লগত আনিবলৈ নাপাহৰিব । কাৰন টিকট নহ’লে আপোনাৰ লগত অনা শিশুই যাত্ৰা কৰিব নোৱাৰিব ৰজ্জু পথেৰে । ফলত ৰ’পৱেত উঠিম বুলি বহু আশাৰে আহি বিমুখ হৈ উভতিব লাগিব পাৰে আপুনি ।

দুইৰ পৰা তিনি বছৰীয়া শিশুৰ টিকট লোৱাক লৈ সৃষ্টি হৈছে নতুন বিতৰ্কৰ । দুইৰ পৰা তিনি বছৰীয়া শিশুই ৰজ্জু পথেৰে যাতায়ত কৰিলে কাটিব লাগিব টিকট । প্ৰাপ্তবয়স্ক লোকৰ দৰে ২ বছৰীয়া শিশুৰ টিকটৰ মূল্যও ৬০ টকা । যি সময়ত অন্য পৰিবহন সেৱাত শিশুক ৰেহাই দিয়া হয় তেনে সময়তে ৰ’পৱে কতৃপক্ষৰ কাণ্ডজ্ঞানহীন কাৰ্য্যই জোঁকাৰিছে সমগ্ৰ উত্তৰ গুৱাহাটী ।

ইয়াকেলৈ সমগ্ৰ উত্তৰ গুৱাহাটী অঞ্চলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । ইফালে ৫ বছৰৰ তলৰ শিশুক টিকটৰ পৰা ৰেহাই দিয়াৰ দাবী যাত্ৰীৰ লগতে সচেতন মহলৰ । সমগ্ৰ ঘটনা সংক্ৰান্তত উচিত তদন্ত কৰি GMDA কৃৰ্তপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাই স্থানীয় ৰাইজে ।

Photo credit : TIme8