”মদৰ নিচাত কি কৰিলো গ’ম নাপালো” কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰা যুৱকৰ ভাষ্য…

0
3430
''মদৰ নিচাত কি কৰিলো গ'ম নাপালো'' কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰা যুৱকৰ

”মদৰ নিচাত কি কৰিলো গ’ম নাপালো” কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰা যুৱকৰ ভাষ্য…

উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত কিশোৰীক ধৰ্ষণৰ চেষ্টা যুৱকৰ । চন্দ্ৰাৰ কিশোৰী গৰাকীক ঘৰৰ সমীপৰে বিতুপন দাস নামৰ এজন যুৱকে ধৰ্ষণৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে ।

কিশোৰী গৰাকীয়ে নিশা নিকটবৰ্তী যুৱক বিতুপন দাসৰ ঘৰলৈ মোবাইলৰ চাৰ্জাৰ বিচাৰি যাওতে যুৱক জনে কিশোৰী গৰাকীক মুখত খোপাদি ধৰ্ষণৰ চেষ্টা চলাই বুলি অভিযোগ উঠিছে।

ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পিতৃয়ে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । আৰক্ষীয়ে পিতৃৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত বিতুপন দাসক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।

যুৱকজনে কয় যে তেওঁ মদৰ ৰাগীত কি কৰিলে গ’মকেই নাপালে। আৰক্ষীৰ প্ৰাথমিক তদন্ত স্বীকাৰোক্তি যুৱকজনৰ । এই জঘন্য ঘটনাই জোকাৰিছে উত্তৰ গুৱাহাটী অঞ্চল ।

ইনপুট: নিতোপম মেধী

আৰু পঢ়ক : অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি, মিজোৰ গুলিত অসম আৰক্ষী জোৱান আহতৰ অভিযোগ