29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দিল্লীৰ ৰাজপথত যৌন আতিশয্যৰ চেষ্টা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক, যুৱতীয়ে ল’লে ৰণচণ্ডী ৰূপ, Viral Video…

    দিল্লীৰ ৰাজপথত যৌন আতিশয্যৰ চেষ্টা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক, যুৱতীয়ে ল’লে ৰণচণ্ডী ৰূপ। সামাজিক মাধ্যম তথা ছচিয়েল মিডিয়াত ভাইৰেল যুৱতীৰ ৰণচণ্ডী ৰূপৰ ভিডিঅ।

    নিশা দিল্লীৰ ৰাজপথত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক যৌন আতিশয্যৰ চেষ্টা চলাই কেইগৰাকীমান যুৱকে। যাৰ ববােই খঙতে উগ্ৰমুৰ্তি ধাৰণ কৰে যুৱতীয়ে।

    দিল্লীৰ হোজখাছ অঞ্চলত কালি ২১ জুলাই নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা। যি ঘটনাৰ ভিডিঅ ভাইৰেল হোৱাৰ পিছতে দিল্লী আৰক্ষীক লগে লগে তদন্ত তথা ব্যৱস্থা লোৱাৰ নিৰ্দেশ মহিলা আয়োগৰ।

    উত্তৰ-পূৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱতীয়ে নিশা পথেৰে গৈ থকা অৱস্থাতে ৪-৫জন মান লোকে তেওঁলোকক আগভেটি ধৰি অশ্লীল প্ৰস্তাৱ দিয়ে। যাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী কেইগৰাকীয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰে আৰু লোক কেইজনক তৰ্জন-গৰ্জন কৰি উভতি ধৰে।

    যুৱতী কেইগৰাকীৰ এনে উগ্ৰমুৰ্তি দেখি লোক কেইজনে ক্ষমা বিচাৰি পলাই সাৰিবলৈ চেষ্টা চলায়। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

    যুৱতী কেইগৰাকী চিকিমৰ দাৰ্জিলিঙৰ বুলি জানিব পৰা গৈছে।

    আৰু পঢ়ক : দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূণ্যলৈ গুলিচালনা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং