অলিম্পিক পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্ট জাৰি

0
133
অলিম্পিক পদক বিজয়ী সুশীল কুমাৰৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্ট জাৰি

হত্যাৰ অভিযোগত পলাতক অৱস্থাত থকা দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকা মল্লযোদ্ধা সুশীল কুমাৰৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্ট জাৰি কৰিছে।

সুশীল কুমাৰৰ বিৰুদ্ধে তেওঁৰেই আখৰাস্থল ছত্ৰশালত ২৪ বছৰীয়া মল্লযোদ্ধা সাগৰ ধনখৰৰ হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ইয়াৰ পিছতে সুশীলে স্পষ্ট কৰি দিছিল যে সাগৰক মাৰপিট কৰা মল্লযোদ্ধাসকল বাহিৰৰ আৰু ষ্টেডিয়ামৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

কিন্তু ঘটনাটোৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছৰে পৰা সুশীল আৰু তেওঁৰ দুজন শিষ্য পলাতক হৈ আছে।

ইয়াৰ পূৰ্বে সুশীল আৰু তেওঁৰ শিষ্যসকলৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰা হৈছিল।

আৰু পঢ়ক : সান্ধ্য আইৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা, ঠাইতে প্ৰাণ হেৰুৱালে কৃতিৰাজ কলিতাই