অৱশেষত ধৰা পৰিল শ্ৰীকান্ত ত্যাগী, মেৰঠৰ এগৰাকী আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ত্যাগীক

0
2784

অৱশেষত ধৰা পৰিল শ্ৰীকান্ত ত্যাগী, মেৰঠৰ এগৰাকী আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ত্যাগীক

বহুদিন ধৰি আৰক্ষীয়ে সন্ধান বিচাৰি থকা তথাকথিত নেতা শ্ৰীকান্ত ত্যাগী অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰে। মহিলাক অভদ্ৰ ব্যৱহাৰ, গালিগালাজ আৰু ঠেলা হেচা কৰা ত্যাগীক অৱশেষত আৰক্ষীয়ে ধৰা পেলায়।

সেই শ্ৰীকান্ত ত্যাগীৰ নামত আৰক্ষীয়ে ২৫ হাজাৰ টকাও ঘোষণা কৰিছিল। যিয়ে ত্যাগীৰ সন্ধান দিব, সেই সন্ধান দিওতাই লাভ কৰিলে হেতেন ২৫ হাজাৰ টকা।

বিগত ৪ টা দিন ধৰি আৰক্ষীয়ে ত্যাগীৰ সন্ধান চলাই আছিল। আজি অৱশেষত ৪ টা দিনৰ অন্তত সেই মহিলাক অপ-ব্যৱহাৰ কৰোতা ত্যাগী ধৰা পৰে। উত্তৰ প্ৰদেশৰ নয়দাৰ গ্ৰেণ্ড অমেক্স ছ’ছাইটিৰ এগৰাকী মহিলাক অতিকে বেয়া ব্যৱহাৰ কৰিছিল শ্ৰীকান্ত ত্যাগীয়ে।

যি ঘটনাৰ ভিডিঅ সামাজিক মাধ্য়মতো ভাইৰেল হৈ পৰিছিল। মহিলাগৰাকীয়েও ঘটনা সন্দৰ্ভত গোচৰ দিছিল আৰক্ষী থানাত। কিন্তু ঘটনাৰ পাছৰে পৰা পলাই ফুৰিছিল ত্য়াগী।

পাছে এই পলাই ফুৰাৰ সময়ত অহৰহ পত্নী আৰু অধিবক্তাৰ সৈতে কথা বতৰা হবলৈ চেষ্টা কৰি আছিল ত্যাগী । সেই ফোনকলৰ সহায়তেই আৰক্ষীয়ে ত্যাগীৰ উপস্থিতি সম্পৰ্কে জানিব পাৰে আৰু শেষত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ত্যাগীক ধৰা পেলোৱাৰ বাবে পূৰ্বে ত্য়াগীৰ পত্নীক নিজৰ জিম্মাত ৰাখি ২৪ ঘণ্টাৰো অধিক সময় সোধপোচ কৰিছিল। আৰক্ষীৰ ৮ টা দলে ৩ খন ৰাজ্যত তদন্ত চলাইছিল ত্যাগী সন্দৰ্ভত।

তাৰোপৰি আৰক্ষীয়ে কালি ৮ আগষ্ট তাৰিখে ত্যাগীৰ নয়দাস্থিত বাসগৃহৰ অবৈধ নিৰ্মাণ ভাঙি পেলাইছিল ।