বেলাৰুছৰ এলেচ বিয়ালিয়াটস্কিলৈ শান্তিৰ নবেল বঁটা

0
201

বেলাৰুছৰ এলেচ বিয়ালিয়াটস্কিলৈ শান্তিৰ নবেল বঁটা

২০২২ বৰ্ষৰ শান্তিৰ নবেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰৰ শান্তিৰ নবেল বঁটা লাভ কৰে বেলাৰুছৰ এলেচ বিয়ালিয়াটস্কিয়ে (Ales Bialiatski)। নবেল সমিটিয়ে বেলাৰুছৰ মানবাধিকাৰ অধিবক্তা এলেছক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে।

নৰৱেৰ নবেল কমিটিয়ে বেলাৰুছৰ মানৱ অধিকাৰ অধিবক্তা এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজক ২০২২ চনৰ শান্তিৰ নবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

এলেচ বিয়ালিয়াটস্কিয়ে বহু বছৰ ধৰি ক্ষমতাৰ সমালোচনা কৰাৰ আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে। 

বিয়ালিয়াটস্কিৰ জন্ম হৈছিল ১৯৬২ চনৰ ২৫ ছেপ্টেম্বৰত ৰাছিয়াত। ১৯৮০ চনৰ বেলাৰুছৰ গণতন্ত্ৰ আন্দোলনৰ আৰম্ভণি কৰা সলকৰ মাজৰ এজন আছিল।

তেখেতে নিজৰ জীৱন মানুহৰ সেৱা আৰু অধিকাৰৰ হৈ মাত মতাৰ বাবে কাম কৰি আহিছিল। ১৯৯৬ চনত তেখেতে Viasna নামৰ এক সংগঠনৰো স্থাপনা কৰিছিল।

এই সংগঠনে মানুহৰ অধিকাৰৰ হৈ কাম কৰে, লগতে কাৰাগাৰত থকা ৰাজনৈতিক কয়েদী সকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মতাৰ লগতে তাৰ বিৰুদ্ধে কাম কৰে।