পাইপেৰে নাযায়, দুদিনৰ বাবে গুৱাহাটীত ঘৰে ঘৰে গাড়ীৰে বিলাব পানী

0
85
প্ৰতীকি ফটো

গুৱাহাটী মহানগৰীত ২৬ আৰু ২৭ তাৰিখত বিভিন্ন ঠাইত নাপাব পানী। এই কথা সদৰি কৰিছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই। এইসমূহ ঠাইৰ ভিতৰত আছে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, জিএছৰোড, ৰেহাবাৰীৰ লগতে ইয়াৰ দাতিকাষৰীয়া স্থান।

শৰণীয়াৰ ৩৫০ এমএম পাম্পিং লাইনত দেখা দিয়া অসুবিধাৰ বাবেই ব্যাহত হ’ব পানীযোগান আঁচনি। উল্লেখ্য যে, পাণবজাৰৰ বিএছএনএলৰ কাৰ্যালয়ৰ সমীপত পানীৰ পাইপৰ ক্ষতি হোৱাৰ ফলত পানী লিক কৰাৰ বাবেই এই সেৱা ব্যাহত হ’ব।

অৱশ্যে এই সময়ত গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীয়ে মেৰামতিৰ কাম কৰি আছে। সম্পূৰ্ণৰূপে এই অসুবিধা নিৰ্মূল কৰাৰ বাবে প্ৰয়োজন হ’ব দুদিন সময়। ইয়াৰ মাজতে এটা ভাল খবৰ যে, বিশেষ বাহনৰ দ্বাৰা টেংকিযোগে পানী নি ঘৰে ঘৰে বিনামূলীয়াকৈ বিলাব গুৱাহাটী পৌৰ নিগমে।