১ ফেব্ৰুৱাৰীৰ পৰা অসমবাসীয়ে নাপাব পাৰে বিশুদ্ধ খোৱাপানী…

0
140
১ ফেব্ৰুৱাৰীৰ পৰা অসমবাসীয়ে নাপাব পাৰে বিশুদ্ধ খোৱাপানী...
প্ৰতীকি ফটো, Credit: The Sentinel Assam

১ ফেব্ৰুৱাৰীৰ পৰা অসমবাসীয়ে নাপাব পাৰে বিশুদ্ধ খোৱাপানী…

১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যবাসীয়ে নাপাব পাৰে বিশুদ্ধ খোৱাপানী। জনস্বাস্থ্য কাৰিকৰী বিভাগত পানী যোগানৰ ক্ষেত্ৰত অস্থায়ী হিচাপে কৰ্মৰত লোকসকলে এই সময়চোৱাত সাব্যস্ত কৰিব প্ৰতিবাদ। ৭,৩২২ টা পানী যোগান আঁচনিৰ ভিতৰত ৮,৯৩২ গৰাকী কৰ্মচাৰীয়ে দৰমহা লাভ নকৰাকৈয়ে কাম কৰি থাকিবলগীয়া হৈছে। যাৰ বাবে তেখেতলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগত অস্থায়ী হিচাপে কৰ্মৰত সন্থাৰ সম্পাদক উৎপল গোস্বামীয়ে।

উল্লেখ্য যে, কৰ্মচাৰীসকলে সদৰি কৰা অনুসৰি, বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে প্ৰায় ৪-৫ মাহৰ দৰমহা লাভ কৰিছিল যদিও বিজেপি চৰকাৰৰ দিনত কোনো দৰমহা লাভ কৰা নাই কৰ্মচাৰীসকলে। ফলশ্ৰুতিত ১ ফেব্ৰুৱাৰীত অসহযোগ আন্দোলন ঘোষণা কৰিছে তেওঁলোকে।

যদি চৰকাৰে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰে তেতিয়া অবিৰতভাৱে এই অসহযোগ আন্দোলন চলি থাকিব বুলি মন্তব্য কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগত অস্থায়ী হিচাপে কৰ্মৰত কৰ্মচাৰীসকলে। তেওঁলোকে নিৰ্বাচনৰ প্ৰাকক্ষণত এই সমস্যা চৰকাৰে সমাধান নকৰিলে ভোট বৰ্জন কৰিব বুলিও হুংকাৰ দিছে।

আৰু পঢ়ক : বাতিল কৰক কৃষি আইন! ৩০ জানুৱাৰীৰ পৰা অনিৰ্দিষ্টকাললৈ অনশনত বহিব আন্না হাজাৰে…