30 C
Guwahati
Sunday, September 19, 2021
More

    উচ্চতম ন্যায়ালয়ৰ ৰায়; ৰাজহুৱা স্থানত ভিক্ষা মগাত আৰোপ নহয় নিষেধাজ্ঞা

    ৰাজহুৱা স্থানত ভিক্ষা মগাত নিষেধাজ্ঞা আৰোপ নকৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

    ন্যায়ালয়ে ৰাজহুৱা স্থানত ভিক্ষা মগাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে পদপথত জীৱন-যাপন কৰা লোক সকলক কোভিডৰ পৰা সুৰক্ষা দিয়া আৰু টিকাকৰণ কৰাৰ বাবেহে দিল্লী আৰু কেন্দ্ৰ চৰকাৰলৈ জাননী জাৰি কৰে।

    কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত ভিক্ষা মগাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে কুশ কালৰা নামৰ এগৰাকী লোকে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ বিচাৰপীঠে এইদৰে ৰায়দান দিয়ে।

    কুশ কালৰা নামৰ ব্যক্তি গৰাকীয়ে কোভিডৰ তৃতীয় ঢৌৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত ভিক্ষা মগা কাৰ্য্যত নিষেধাজ্ঞা আৰোপ কৰাটো জৰুৰী হৈ পৰিছে বুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত উল্লেখ কৰিছিল।

    শুনানিত ন্যায়ালয়ে কোনো লোকে ইচ্ছা কৰি ভিক্ষা নামাগে দৰিদ্ৰতা আৰু নিৰুপায় হৈহে ভিক্ষা মাগিবলগীয়াত পৰে বুলি উল্লেখ কৰি এনে লোকসকলৰ প্ৰতি সহানুভূতিশীল আচৰণ কৰিব লাগে বুলি উল্লেখ কৰে।

    উল্লেখযোগ্য যে, কোভিডৰ বাবে দেশৰ ধৰ্মীয় উপাসনাস্থলী সমূহ বন্ধ হৈ যোৱাৰ ফলত বহু পদপথত থকা লোকে খাদ্য সংকটত ভূগিবলগীয়া হৈছে।

    আৰু পঢ়ক : খুলিব লাগে নেকি স্কুল-কলেজ? ই-মেইলৰ জৰিয়তে মন্ত্ৰীয়ে বিচাৰিছে সকলোৰে মতামত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং