‘যিমানেই সময় নালাগক, আমি বিচাৰি উলিয়ামে…’, ৰাষ্ট্ৰপতি বাইডেনৰ হুংকাৰ

0
126
ভাৰতক ধমক আমেৰিকাৰ; 'পৰিণাম ভুগিব লাগিব ভাৰতে'

আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আল কায়দাৰ মুৰব্বী আয়মান আল জাৱাহিৰী নিহত হোৱা বুলি নিশ্চিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।

সন্ত্ৰাসবাদীজনৰ মৃত্যুত ৯/১১ত আমেৰিকাত নিহত হোৱা ৩০০০ লোকৰ পৰিয়ালে ন্যায় লাভ কৰা বুলিও কয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে, সোমবাৰে নিশা আমেৰিকাই অতি সফলতাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত লুকুৱাই থকা জাৱাহিৰীক ড্ৰ’নেৰে আক্ৰমণ কৰি নিধন কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ চৰকাৰী হেণ্ডেলৰ পৰা টুইট কৰি কয় যে এই আক্ৰমণে “আমেৰিকাৰ জনসাধাৰণক ৰক্ষা কৰাৰ আমাৰ ক্ষমতা আৰু সংকল্প”ক প্ৰদৰ্শন কৰিছে।

যিমানেই সময় নালাগক কিয় আমেৰিকাৰ জনসাধাৰণক ক্ষতি কৰিব বিচৰা তথা ক্ষতি কৰা লোকসকলক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব বুলিও এটা টুইটত মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে।

২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ বাবে এইটো দ্বিতীয়টো মোক্ষম আঘাত।