29 C
Guwahati
Thursday, October 21, 2021
More

    মাস্ক পৰিধান নকৰা লোকে আনৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিছেঃ উচ্চতম ন্যায়ালয়

    ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকে সকলোৰে মৌলিক অধিকাৰ খৰ্ব কৰিছে। জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিছে মাস্ক পৰিধান নকৰা লোকে। কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন ৰাজ্যকে মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা দি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এনেদৰে ৰায়দান কৰে।

    একে সময়তে মাস্ক পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে শাস্তি দিয়াৰ কথাৰো বিৰোধিতা কৰে সৰ্ব্বোচ্চ ন্যায়ালয়ে। গুজৰাট উচ্চ ন্যায়ালয়ে কভিডৰ সময়ত মাস্ক পৰিধান নকৰা লোকৰ শাস্তিৰ ক্ষেত্ৰত দিয়া নিৰ্দেশত স্থগিতাদেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

    ন্যায়াধীশ অশোক ভূষণৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি কয়, ”যিসকল লোকে মাস্ক পৰিধান কৰা নাই তেওঁলোকে মৌলিক অধিকাৰ খৰ্ব কৰিছে। তেওঁলোকে আনৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে।”

    লগতে কভিডৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰি নীতি নিৰ্দেশনা আৰু এছঅ’পি কেন্দ্ৰ আৰু ৰাজ্যই ঠিক কৰি দিছে কিন্তু এইসমূহ সঠিকৰূপত পালন কৰিব লাগিব বুলি ন্যায়ালয়ে কয়।

    ”সকলোৰে মাজত সহাৰিৰ অভাৱ আছে। পালন কৰা হোৱা নাই। সকলো লোকে মাস্ক নোহোৱাকৈ বিয়া, বজাৰ আদিত ঘূৰিছে। এখন বিয়াত ১০০০ৰ অধিক লোক সমবেত হৈছে। আৰক্ষীয়ে কি কৰিছে।” এনেদৰেও আদালতে কয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং