16 C
Guwahati
Friday, December 3, 2021
More

    ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত, এতিয়াৰে পৰা APSC পৰীক্ষাত নাথাকিব ভাষা বিষয়

    আজি বঙাইগাঁৱত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটৰ বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষা সন্দৰ্ভতো এক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কোনোধৰণৰ ভাষা বিষয়ৰ পেপাৰ নাথাকিব।

    বৰ্তমান অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয়টো বাধ্যতামূলক কৰাৰ ফলত বহু অসমীয়া ভাষা নোকোৱা জনজাতীয় অথবা জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰী সকলে সন্মুখিন হোৱা সমস্যাৰ প্ৰতি দৃষ্টি ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

    ইপিনে, ইংৰাজী বিষয়টো বাধ্যতামূলক হৈ থকাৰ সময়ত অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকল সমস্যাৰ সন্মুখিন হৈছিল যাৰ বাবে আজি ৰাজ্যিক কেবিনেটে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা বিষয়টো উঠাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    অৱ্শ্যে এইক্ষেত্ৰত ৰাজ্যিক কেবিনেটে নতুন তিনিটা নিয়ম বান্ধি দিছে।

    নতুন নিয়ম তিনিটা হ’ল এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰাৰ্থী সকল অসমৰ নাগৰিক হ’ব লাগিব। দ্বিতীয়তে প্ৰাৰ্থী সকলে অসমীয়া অথবা যিকোনো এটা অসমৰ সহযোগী ভাষা সলসলীয়াকৈ ক’ব জনা হ’ব লাগিব আৰু তৃতীয়তে প্ৰাৰ্থী সকলৰ নাম অসমৰ নিয়োগ পঞ্জীয়ন কেন্দ্ৰত অন্তৰ্ভূক্ত থকা হ’ব লাগিব।

    আৰু পঢ়ক : ছাত্ৰীক ফোন যোগে অশ্লীল প্ৰস্তাৱ দিয়া অধ্যাপক জয়নাল আবেদিনৰ অডিঅ’ ভাইৰেল, প্ৰতিবাদত উত্তাল…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং