
বিজেপি ক্ষমতালৈ আহিলে কোনো কৃষকে বিদ্যুতৰ মাচুল পৰিষোধ কৰিব নালাগে : অমিত শ্বাহ
উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফিৰোজাবাদত অনুষ্ঠিত হোৱা এক ৰাজনৈতিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰপ্ৰদেশৰ কৃষক সকলৰ বাবে এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উত্তৰপ্ৰদেশত যদিহে বিজেপিক পুনৰ এক সুযোগ দিয়া হয় তেন্তে উত্তৰপ্ৰদেশৰ কৃষক সকলে পৰৱৰ্তী পাঁচ বছৰলৈ কোনোধৰণৰ বিদ্যুতৰ মাচুল পৰিষোধ কৰিব নালাগে
ৰাজনৈতিক সভাত অমিত শ্বাহে সমাজবাদী পাৰ্টিৰ নেতা তথা উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অখিলেশ যাদৱকো কঠোৰ সমালোচনা কৰি অখিলেশ যাদৱে কেবল ৰাজ্যৰ জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰিব জানে আৰু বিদেশ ভ্ৰমণলৈ যাব জানে বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, বিজেপিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কৃষকৰ প্ৰসংগৰে বিজেপিক চোঁকা সমালোচনা কৰি আহিছে।
আৰু পঢ়ক : জানক ১৮ ফেব্ৰুৱাৰীৰ দিনটোৰ ৰাশিফল, কোনবোৰ ৰাশিৰ বাবে কি কি শুভ!