আৰয়ান খান ড্ৰাগছ গোচৰৰ নতুন মোৰ; এতিয়াই কোৱাটো উচিত নহ’ব : SIT-ৰ মুৰব্বী

0
77
আৰয়ান খান ড্ৰাগছ গোচৰৰ নতুন মোৰ; এতিয়াই কোৱাটো উচিত নহ'ব : SIT-ৰ

আৰয়ান খান ড্ৰাগছ গোচৰৰ নতুন মোৰ; এতিয়াই কোৱাটো উচিত নহ’ব : SIT-ৰ মুৰব্বী

দশজুৰি চৰ্চিত হোৱা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ ড্ৰাগছৰ গোচৰটোৱে এতিয়া এক নতুন মোৰ লৈছে।

শেহতীয়াকৈ, এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনত কয় যে আৰয়ান খানৰ বিৰুদ্ধে কোনো দৃঢ় প্ৰমাণ পোৱা হোৱা নাই।

এই কথা পোহৰলৈ অহাৰ পিছতে এছ আই টিৰ মুৰব্বী এন চি বিৰ ডিডিজি সঞ্জয় সিঙে কৈছে যে গোচৰটোৰ তদন্ত বৰ্তমান চলি আছে আৰু এতিয়াই যিকোনো সিদ্ধান্তত উপনীত হোৱাটো অতি সোনকাল হ’ব।

সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে আৰয়ান খানৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা হোৱা নাই।

এই প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এছ আই টি প্ৰধানে এইদৰে কৈছিল, ‘এয়া সঁচা নহয়, এইবোৰ কেৱল অনুমানহে। এনে বিবৃতিবোৰ প্ৰকাশ হোৱাৰ আগতে এন চি বিৰ সৈতে ক্ৰছ-চেক কৰা হোৱা নাছিল। তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই, এতিয়াই কোৱাটো অতি সোনকাল হ’ব’।

উল্লেখ্য যে যোৱা বৰ্ষৰ ২ অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)এ এখন ক্ৰুজ জাহাজত অভিযান চলাই ড্ৰাগছ পাৰ্টিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক।

প্ৰায় এমাহ কাৰাগাৰত কটোৱাৰ পিছত ২৮ অক্টোবৰত জামিন লাভ কৰিছিল আৰয়ান খানে।

আৰু পঢ়ক : অপাৰেশ্যনত গংগাত যোগদান NDRF-ৰ, সাহায্য সামগ্ৰী প্ৰেৰণ ইউক্ৰেইনলৈ