
একেবাৰে আচৰিত , যেন কিবা যাদু মন্ত্ৰ হে। গৰু এটাও নাই, কিন্তু নিতৌ গাখীৰ বিক্ৰী কৰে ৫০ লিটাৰৰো অধিক। গোৱালৰ এই যাদু দেখি আচৰিত সকলো।
সোৱাদেৰে ভৰা এই গাখীৰ নিবলৈ নিতৌ পুৱা গধুলি গোৱালৰ ঘৰত ভিৰ কৰে বহু জনে। পাছে সাংবাদিকৰ কেমেৰা দেখি আজি একাবাৰে মাৰাথন দৌৰ দিলে গোৱালে।
এই ঘটনা দৰং জিলাৰ খাৰুপেটীয়াৰ। খাৰুপেটীয়াত গাখীৰৰ নামত সাধাৰণ জনতাক খুৱাইছে বৰবিহ । কুঁৱাৰ পানীত কেমিকেল মিহলাই গাখীৰৰ দৰে কৰি দৈনিক বিক্ৰী শ শ লিটাৰ ভেজাল গাখীৰ ।
আজি সেই গৰু নথকা বিশেষ গোৱালৰ ঘৰত সাংবাদিক উপস্থিত হোৱাৰ লগে লগেই তৰা নৰা চিঙি পলাল গাখীৰ ব্যৱসায়ী ।

কুঁৱাৰ পৰা পানী উঠাই সেই পানীত কেমিকেল মিহলাই দুষ্টচক্ৰই দিয়ে গাখীৰৰ ৰূপ । সেই নকল গাখীৰেই আকৌ দৈনিক একাংশ গুৱালে বিক্ৰী কৰে বিভিন্ন ঠাইৰ হোটেল-বজাৰত ।
এনেকৈয়ে খাৰুপেটীয়া, দলগাঁও, বেচিমাৰীৰ ৰাইজে খাইছে গাখীৰৰ নামত বৰবিহ । আজি সাংবাদিকৰ দল এটাই এক গোপন খবৰৰ ভিত্তিত উক্ত ঠাইত অভিযান চলাই ভেজাল গাখীৰ মজুত ৰখা দেখা পায় ।
পিছত সাংবাদিকৰ কেমেৰা দেখি তৰা নৰা চিঙি পলায়ন কৰে গাখীৰ ব্যৱসায়ীয়ে । ঘটনা স্থলীত লগে লগেই খাৰুপেটীয়া থানাৰ আৰক্ষী উপস্থিত হয় যদিও কেমিকেল মিহলাই বনোৱা গাখীৰৰ বাল্টিবোৰ লুকুৱাই দিয়ে গাখীৰ ব্যৱসায়ী জনে ।
পাছে কেমেৰাত বন্দী হয় ৰয় সকলো ভেজাল গাখীৰৰ দৃশ্য। উল্লেখ্য যে একাংশ গোৱালে কম মূল্যত গাখীৰ সংগ্ৰহ কৰিবলৈ উক্ত স্থানত পুৱাৰ পৰা ভিৰ কৰে।
Input and Photo – Riki Das