24.6 C
Guwahati
Saturday, September 18, 2021
More

    গুৱাহাটীত কোনো সলনি নাই বিজেপি-অগপৰ প্ৰাৰ্থীত্বত, চাৰিওটা সমষ্টিতে পূৰ্বৰ ৪ শক্তিশালী বিধায়ক

    গুৱাহাটীত কোনো সলনি নাই বিজেপি-অগপৰ প্ৰাৰ্থীত্বত, চাৰিওটা সমষ্টিতে পূৰ্বৰ ৪ শক্তিশালী বিধায়ক এইবাৰে নামিব নিৰ্বাচনত। এইবাৰো মহানগৰৰ চাৰিওটা সমষ্টি বিজেপিয়ে নিজৰ দখলত লোৱাৰ লক্ষ্য।

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা,
    দিছপুৰত অতুল বৰা,
    পূৱ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য,
    পশ্চিম গুৱাহাটী ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

    হিমন্ত বিশ্ব শৰ্মাৰ দূৰ্গত কোনেও সাহস নকৰিলেও অন্য তিনিটা সমষ্টিত অৱশ্যে অন্য ৰাজনৈতিক দলবোৰেও নিজা নিজা প্ৰাৰ্থীত্ব নিক্ষেপ কৰিছে। অন্য প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনাও নূই কৰিব নোৱাৰি বাকি তিনিটা সমষ্টিত।

    এই ক্ষেত্ৰত ৰাইজৰ মাজলৈ টাইম ৮ যাওঁতে বহুতৰে একেই মন্তব্য, হিমন্ত বিহীন জালুকবাৰী ভাবিবই নোৱাৰি। সকলো ৰাইজে বছৰ বছৰ ধৰি বিচাৰে তেওঁলোকৰ প্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মাকে। কেৱল বিধায়কেই নহয়, জালুকবাৰীৰ প্ৰায় অধিকাংশ লোকৰে ইচ্ছা এইবাৰ মূখ্যমন্ত্ৰীৰ পদতো উঠক মন্ত্ৰী শৰ্মা।

    কিন্তু ইয়াৰ বিপৰীতে বাকি তিনিটা সমষ্টিৰ ৰাইজৰ মন্তব্য- কোন বিধায়ক, কোন নেতা, কেৱল ভোট দানৰ সময়ত দেখা এইসকল নেতা নিৰ্বাচনৰ পিছত অন্তৰ্ধান হৈ যায়। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বোৰ বছৰ বছৰ ধৰি তেনেকৈয়ে থাকি যায়।

    ‘অতুল বৰাই নিজৰ সমষ্টিৰে মানুহে কেনেদৰে পানী আৰু বিদ্যুতৰ সমস্যাত ভুগি আছে তেওঁ নিজেই নাজানে। আজিলৈকে হয়তো সম্পূৰ্ণ সমষ্টিটো ঘুৰি পকি দেখিয়ে পোৱা নাই।’ এই মন্তব্য কৰে দিছপুৰ সমষ্টিৰ ডিগাৰুৰ এগৰাকী আশীউৰ্ধৰ ব্যক্তিয়ে।

    পানী আৰু বিদ্যুতৰ সমস্যাৰ বাহিৰে দিছপুৰ সমষ্টিৰ পানীখাইতি আৰু চন্দ্ৰপুৰত সময়ে সময়ে হৈ থকা ভূমিস্খলনৰ সমস্যাৰ আজিলৈ কোনো সমাধান নাই।

    বাথৌপুৰি, গড়চুক আদিৰ ৰাইজৰো মন্তব্য, কোন আহে কোন নাহে সেইটো গুৰুত্বপূৰ্ণ নহয়। কেৱল সমস্যা সমাধান হোৱাটোৱে প্ৰধান কাম। কিন্তু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিশ্ৰুতি অসাৰ। আজিও সেই পথবোৰেৰে অহা যোৱা কৰিল কঁকালৰ বিষে মাত দিয়ে। অৱশ্যে কোনো ঠাইত নতুন কৈ শিক্ষানুষ্ঠান , কাৰ্যালয় আদি খোলাত বাট পথ কিছু উন্নতি হৈছে। কিন্তু কেৱল সাধাৰণ জনতাৰ বসতি বছৰ বছৰ একেই আছে।

    পূৱ গুৱাহাটী সমষ্টিৰ ৰাইজে একপ্ৰকাৰ ক্ষোভেই প্ৰকাশ কৰিলে এইবাৰো সমষ্টিটোত সিদ্ধাৰ্থ ভট্টাচাৰ্যক টিকট প্ৰদান কৰাত। কিছু লোকৰ মন্তব্য তেওঁ থকাত কৈ বিধায়ক বিহীন হলেও কোনো ক্ষতি নাই সমষ্টিটোৰ।

    অৱশ্যে কেউটা সমষ্টিত পূৰ্বৰ বিধয়কেই টিকট লাভ কৰাত সুখি বুলি ব্যক্ত কৰে। তেওঁলোকে জনাই যে, কেউজনেই শক্তিশালী বিধায়ক অৱশ্যে সমষ্টি কেইটা ডাঙৰ, সেয়ে কেতিয়াবা কোনো এখন ঠাইৰ কিবা এটা সমস্যা আঁতৰ কৰাত কিছু পলম হবও পাৰে ইয়াত তেওঁলোকক বেয়া পাই লাভ নাই। তেওঁলোকে যথাসম্ভৱ বিধায়ক হিচাপে নিজৰ নিজৰ কাম কৰি গৈছে।

    আৰু পঢ়ক : চাৰিটা সমষ্টিৰ বাবে ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণাঃ কোনে কোনে লাভ কৰিলে প্ৰাৰ্থিত্ব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং