15 C
Guwahati
Saturday, January 22, 2022
More

    এতিয়ালৈকে অমিক্ৰণৰ এটাও ঘটনা পোহৰলৈ অহা নাই ভাৰতত, সংসদত ক’লে কেন্দ্ৰই

    এতিয়ালৈকে অমিক্ৰণৰ এটাও ঘটনা পোহৰলৈ অহা নাই ভাৰতত, সংসদত ক’লে কেন্দ্ৰই

    যদিও বিশ্বৰ বহুতো দেশৰ লোক অমিক্ৰণ ভেৰিয়েণ্টক লৈ আতংকিত হৈ আছে সেই সময়তে আজি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক কিছু সকাহৰ খবৰ দিছে।

    স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ৰাজ্যসভাত কয় যে কৰ’ণাৰ নতুন ভাইৰাছটো পৃথিৱীৰ ১৪ খন দেশত ধৰা পৰিছে কিন্তু এতিয়ালৈকে ভাৰতত ইয়াৰ এটাও ঘটনা পোহৰলৈ অহা নাই।

    এটা পৰামৰ্শ জাৰী কৰা হৈছে যে যদি কোনো সন্দেহজনক ঘটনা পোৱা যায়, তেন্তে ইয়াক তৎক্ষণাৎ অনুসন্ধান কৰা হৈ আছে আৰু জিনম অনুক্ৰমো কৰা হৈ আছে।

    কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিলেও অৱশ্যে বিভিন্ন ৰাজ্যত এতিয়াও ভয়-শংকাই বিৰাজ কৰি আছে।

    ইতিমধ্যে কেইবাখনো ৰাজ্য চৰকাৰে সাৱধানতামূলক ব্যৱস্থা লোৱা আৰম্ভ কৰিছে।

    তেলেংগানাই অমিক্ৰণ ভাইৰাছৰ বিৰুদ্ধে মোকাবিলা কৰা আৰু ভেকচিনেশ্যন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী টি হৰিশ ৰাওৰ নেতৃত্বত কেবিনেটৰ এখন উপ-সমিতি গঠন কৰি দিছে।

    অমিক্ৰণ ভেৰিয়েণ্টক লৈ কৰ্ণাটক চৰকাৰেও সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দি কয় যে বিমান বন্দৰত টেষ্ট বৃদ্ধি কৰা হৈছে আৰু প্ৰকাৰটো নিশ্চিত কৰিবলৈ জিনম অনুক্ৰমৰ বাবে কিছুমান নমুনা প্ৰেৰণ কৰিছো।

    ইফালে কেৰালাই এই নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলিও স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে কয়।

    আৰু পঢ়ক : নিষ্ঠুৰ পিতৃ! কনমানি পুত্ৰক গাৰ সমস্ত শক্তি প্ৰয়োগেৰে মাৰপিট, মাৰৰ কোবত লাঠি ভাঙি গৈছে কিন্তু নিৰ্দয় পিতৃৰ হাত থমকি ৰোৱা নাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং