বহাগ বিহুত বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ, ১ বহাগৰ দিনাই অনশনত বহিব ডাক সেৱা কৰ্মচাৰী

0
52
বহাগ বিহুত বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ, ১ বহাগৰ দিনাই অনশনত বহিব ডাক সেৱা কৰ্মচাৰী

বহাগ বিহুত বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ, ১ বহাগৰ দিনাই অনশনত বহিব ডাক সেৱা কৰ্মচাৰী

বহাগ বিহুত বন্ধ নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। যাৰ বাবে ১ বহাগৰ দিনাই অনশনত বহিব ডাক সেৱা কৰ্মচাৰী। পহিলা বহাগ বিহুৰ দিনাই অনশন ধৰ্মঘটত বহিব গ্ৰামীন ডাক সেৱা কৰ্মচাৰীয়ে।

প্ৰতি বছৰে বহাগৰ পহিলা দিনটোত বহাগ বিহুৰ বন্ধ পাই আহিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। কিন্তু এই বছৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধৰ তালিকাত নাই বহাগ বিহুৰ বন্ধ।

কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি যোৰহাটত গ্ৰামীন ডাক কৰ্মচাৰী সকলে এক সংবাদ মেল সম্বোধন কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কোনো কাৰণতে মানি নলয়।

বিহুত বন্ধ নিদি অসমীয়াৰ সংস্কৃতিৰ ওপৰত কুঠাৰাঘাট কৰিছে বুলি ক্ষোভ কৰে কৰ্মচাৰী সকলে | বিহুত বন্ধ দিবলৈ অসমৰ মূখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে কৰ্মচাৰী সকলে।

স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি, ডাক সেৱা কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি যদি চৰকাৰে কোনো গুৰুত্ব নিদিয়ে তেনেহলে পহিলা বিহুৰ দিনাই অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব বুলি মন্তব্য কৰে।

আৰু পঢ়ক : বিধ্বংসী ধুমুহাত অসম অৰুণাচল সীমান্তত এজন লোকৰ কৰুণ মৃত্যু