32.5 C
Guwahati
Thursday, October 14, 2021
More

    শ্বাহৰুখ পুত্ৰ আৰিয়নে নাপালে জামিন, থাকিব লাগিব জেলত, অধিবক্তাই ক’লে..

    শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানে নাপালে জামিন। আৰিয়ন খান সম্পৰ্কীয় গোচৰত পুনৰ শুনানি হ’ব বৃহস্পতিবাৰে। আজি অৰ্থাত ১৩ অক্টোবৰত ছেছন কোৰ্টত হোৱা শুনানিত আৰিয়নে জামিন লাভ নকৰিলে। আৰিয়নে এনিশা পুনৰ কটাব লাগিব জেলত।

    উল্লেখ্য যে, আজি দিনৰ প্ৰায় ৩ বজাৰ পৰা আদালতত শুনানি আৰম্ভ হয়।ইয়াৰ পিছতেই আৰিয়নৰ অধিবক্তা আৰু এন চি বিয়ে দলিল দাখিল কৰে।এই শুনানি প্ৰায় ৬ বজালৈ চলে আৰু জামিন লাভ নকৰে আৰিয়নে। ১৪ অক্টোবৰত আদালতত পুনৰ জামিন সন্দৰ্ভত শুনানি হ’ব।

    আৰিয়নৰ অধিবক্তা অমিত দেচাই আদালতত কয় যে আৰিয়নৰ ওচৰৰ পৰা এন চি বিয়ে কোনো ধৰণৰ ড্ৰাগছ জব্দ কৰিব পৰা নাই আৰু তেওঁৰ ওচৰত টকাও নাছিল। আৰিয়নে মুনমুন নামৰ যুৱতী গৰাকীকো চিনি নাপাই।

    অন্যহাতে এন চি বিয়ে কয় যে আৰিয়নৰ পৰা ড্ৰাগছ লাভ নকৰিলেও তেওঁৰ ড্ৰাগছ সৰবৰাহকাৰীৰ লগত সম্পৰ্ক আৰু ড্ৰাগছ কিনা বেচাৰ তথ্য লাভ কৰিছে।

    আৰু পঢ়ক : চুমন দুৱৰাৰ ‘এ লিটিল ছানচাইন’লৈ শ্ৰেষ্ঠ ভাৰতীয় চুটি ছবিৰ সন্মান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং