
বিটিআৰ চুক্তিৰ জৰিয়তে বড়োভূমিত শান্তি ঘূৰি আহিব বুলি ধাৰণা কৰাৰ সময়তে অঞ্চলটোত পুনৰ জন্ম লাভ কৰিলে এটা নতুন সশস্ত্ৰ সংগঠনৰ।
বড়ো জাতিৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবেই এই নতুন সশস্ত্ৰ সংগঠনটোৰ জন্ম দিয়া হ’ল বুলি জানিবলৈ দিয়ে।
ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবেই ২০২০ চনৰ ১২ অক্টোবৰৰ দিনা কোনো অজ্ঞাত স্থানত এই নতুন উগ্ৰপন্থী সংগঠনটোৰ জন্ম দিয়া হ’ল বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায়।
সংগঠনটোৰ নাম হৈছে নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ এন এল এফ বি।
বড়ো জাতীয় সংগঠনৰ পৰিসমাপ্তিৰ ক্ষোভ আৰু বড়ো ভাষা সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থতেই এই সংগঠনৰ জন্ম দিয়া হয় বুলি জনালে TIME8 ক।
TIME8লৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত কয় যে বিভিন্ন বড়ো সংগঠনে বড়োভূমিৰ বাবে দীৰ্ঘদিন ধৰি ৰাজনৈতিক সংগ্ৰাম কৰি আহিছে। বড়ো লোকসকলে সন্মান আৰু মৰ্যাদাৰে জীয়াই থাকিব বিচাৰে।
ইয়াৰ উপৰি বিজ্ঞপ্তিটোত স্পষ্টভাৱে উল্লেখ কৰি কয় যে দীৰ্ঘদিন ধৰি বড়ো সংগঠনৰ সংগ্ৰাম আৰু জাতিটোৰ সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰ তথা অসম চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে।
আমি এতিয়াও ৰাজনৈতিক দমনৰ পৰা মুক্ত হোৱা নাই। আমি যি ভূমিৰ পৰা উশাহ লও আৰু য’ৰ পৰা জীয়াই থকাৰ সমল পাও সেই স্থানত আমি আমাৰ ভাষা, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ থকাটো বিচাৰো বুলিও উল্লেখ কৰিছে বিজ্ঞপ্তিটোত।
শৰীৰত শেষ বিন্দু তেজ থকালৈকে বড়োসকলৰ অধিকাৰৰ বাবে যুঁজ দি যাব বুলিও সংগঠনটোৱে উল্লেখ কৰে।
আনহাতে সংগঠনটোৱে TIME8লৈ প্ৰেৰণ কৰিছে এটা ভিডিঅ’। য’ত সংগঠনটোৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈও আহ্বান জনায়।