
ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱেে ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই উগ্ৰপন্থী সংগঠনৰ ৭ জন সদস্য গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। উল্লেখ্য যে দেওবাৰৰ পৰা দুদিন ধৰি চলা অভিযানৰ অন্তত এই সফলতা আৰক্ষীৰ।
আৰক্ষীৰ জালত পৰা সদস্য কেইজন হৈছে ৰবিন্দ্ৰ বসুমতাৰী,বৰ্নবাস বসুমতাৰী,পল গয়াৰীকুন্দন সিং,প্ৰসেন দৈমাৰী, শনিকো দৈমাৰী আৰু ৰাজেন্দ্ৰ বসুমতাৰী।
এই সদস্য কেইজন নতুনকৈ গঠন কৰা National Liberation Front of Bodoland চমুকৈ NLFB নামৰ সংগঠনটোৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।
সদস্য কেইগৰাকীয়ে সমগ্ৰ ওদালগুৰি জিলাতে সংগঠনটোৰ নামত ধন দাবী কৰাৰ লগতে সংগঠনটোত সদস্য ভৰ্তি কৰোৱা কামত লিপ্ত আছিল বুলি আৰক্ষীৰ সুত্ৰই জানিব দিছে।
আনহাতে গ্ৰেপ্তাৰ হোৱা কুন্দন সিং নামৰ যুৱক জনে সংগঠনটোক মোবাইল আৰু চিম যোগান কৰিছিল বুলি জানিব পৰা গৈছে।
এই আটাইকেইজন সদস্যৰ পৰা ৫ টা মোবাইল , ১৫ খন চিম আৰু নগদ ৪৬০০ টকা জব্দ কৰিছে ওদালগুৰি আৰক্ষীয়ে।
আৰু পঢ়ক : মৰেল পুলিচগিৰি! প্ৰথমে যুৱতীক ধৰ্ষণৰ চেষ্টা পিছত মাৰপিট কৰি ভিডিঅ’ ভাইৰেল একাংশ যুৱকৰ