
বড়ো ভূমিত নতুনকৈ গঠন হোৱা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড (NLFB) নামৰ উগ্ৰপন্থী সংগঠনটোৱে ১ এপ্ৰিল অৰ্থাত বৃহস্পতিবাৰে অসম বন্ধৰ ঘোষণা কৰিছে।
৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণৰ বিৰোধিতাত বৃহস্পতিবাৰে অসম বন্ধৰ ঘোষণা কৰে সংগঠনটোৱে।
প্ৰধানমন্ত্ৰী মোদীয়ে ১ এপ্ৰিলত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত এক ৰাজহুৱা সভা সম্বোধন কৰিব।
ইয়াৰ আগতে, কোকৰাঝাৰ আৰক্ষীয়ে সোমবাৰে নিশা জিলাখনৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা এক বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। আৰক্ষীয়ে এই অস্ত্ৰবোৰ NLFBৰ বুলি সন্দেহ কৰিছিল।
আৰক্ষীয়ে মাটিৰ তলত পুতি থৈ দিয়া তিনিটা একে-৫৬ ৰাইফলৰ লগতে আন বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে।
নেচনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড (NDFB)ৰ প্ৰতিটো গোটে মূলসুঁতিলৈ ঘূৰি অহা স্বত্বেও, দুৰ্ধৰ্ষ উগ্ৰপন্থী বাথাৰ নেতৃত্বত কেইজনমান কেডাৰে পুনৰ জংঘললৈ ঘূৰি গৈ NLFB গঠন কৰিছিল বুলি ধাৰণা কৰা হৈছিল।
বিগত জানুৱাৰী মাহৰ পৰা ৰাজ্যিক আৰক্ষীয়ে কেইবাটাও অভিযানত ৬৭ টা এ কে ৪৭ আৰু এ কে ৫৬ ৰাইফল উদ্ধাৰ কৰিছে।
ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৈছিল যে ৰাজ্য চৰকাৰে বিটিচি অঞ্চলত অস্ত্ৰ উদ্ধাৰৰ গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ক হস্তান্তৰ কৰিব।
উল্লেখ্য যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ অধীনৰ বিধানসভা সমষ্টিসমূহত অহা ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।
আৰু পঢ়ক : টিকট পোৱা পিছতো বিপিএফ ত্যাগ কৰি ইউ পি পি এলত যোগদান প্ৰাৰ্থীৰ!