31 C
Guwahati
Thursday, September 29, 2022
More

    অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ ৰূপে শপত ল’ব নীতিশ কুমাৰে; জানক ৰাজনৈতিক পৰিক্ৰমা

    পদত্যাগ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। মঙলবাৰে পুৱা জেডিইউৰ বিধায়ক-সাংসদৰ বৈঠকৰ পাছত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল নীতিশ কুমাৰে।

    আশা কৰা হৈছে যে বুধবাৰে নীতিশ কুমাৰে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

    উল্লেখ্য যে ১৯৭৪ চনৰ বিহাৰ ছাত্ৰ আন্দোলনৰ পৰাই বিহাৰৰ ৰাজনীতিত সক্ৰিয় হৈ আছে নীতিশ কুমাৰ। ১৯৯০ চনত লালু প্ৰসাদক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাত তেওঁ যথেষ্ট সহায় কৰিছিল।

    পিছলৈ লালু প্ৰসাদৰ সৈতে তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু তেওঁ জৰ্জ ফাৰ্নাণ্ডেজৰ সৈতে লগ লাগি সমতা পাৰ্টি গঠন কৰে। ইয়াৰ পিছত ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ এন ডি এত যোগদান কৰে।

    পিছত নীতিশ কুমাৰ কেন্দ্রীয় ৰেল মন্ত্রী হৈ পৰৱর্তী সময়ত ২০০০ চনত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত লয়৷ কিন্তু সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে।

    তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা

    ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে বিধায়ক: ১৯৭৭ আৰু ১৯৮০ চনৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে হৰনৌট বিধানসভা সমষ্টিৰ পৰা নীতিশ কুমাৰ নিৰ্বাচিত হয়।

    ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে সাংসদ হৈছিল: ১৯৮৯ চনত বিহাৰৰ বাঢ় সংসদীয় সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হৈছিল নীতিশ কুমাৰ, পিছত ১৯৯১, ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনতো তেওঁ জয়লাভ কৰিছিল।

    কেন্দ্রীয় মন্ত্রীঃ ১৯৯৮ চনত নীতিশ কুমাৰ কেন্দ্রত ৰে’ল মন্ত্রী হয়, ১৯৯৯ চনত কৃষি মন্ত্রী হয়৷ এই সময়তে ২০০০ চনত তেওঁ নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলেও মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

    ২০০৫ চনত অনুষ্ঠিত হোৱা মধ্যকালীন নিৰ্বাচনত নীতিশ কুমাৰে প্ৰথমবাৰৰ বাবে সংখ্যাগৰিষ্ঠতাৰে মুখ্যমন্ত্ৰী হয়। এয়া আছিল মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত।

    নীতিশ কুমাৰৰ নেতৃত্বত ২০১০ চনৰ বিধানসভা নিৰ্বাচনত এন ডি এয়ে লাভ কৰে ডাঙৰ জয়। ২৪৩ জনীয়া বিধানসভাত এনডিএ মিত্ৰজোঁটে ২০৬খন আসন লাভ কৰে। কেৱল ১১৫ খন আসনত সফলতা লাভ কৰিছিল জে ডি ইউয়ে।

    প্ৰথমবাৰৰ বাবে ২০১৩ চনত এন ডি এ ত্যাগ : বিজেপিয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী প্ৰাৰ্থী হিচাপে মনোনীত কৰাত ক্ষুব্ধ হৈ নীতিশ কুমাৰে এনডিএ ত্যাগ কৰে।

    ২০১৫ চনত চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী : ২০১৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পিছত মুখ্যমন্ত্ৰী পদ এৰে নীতিশ কুমাৰে। কিন্তু পিছত জিতন ৰাম মাজিৰ সৈতে হোৱা বিবাদৰ বাবে ২০১৫ চনত তেওঁ পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত লয়।

    ২০১৫ চনত পঞ্চমবাৰৰ বাবে শপতঃ ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত আৰজেডি, কংগ্ৰেছ আৰু জেডিইউৰ মিত্ৰজোঁটে বৃহত জয় লাভ কৰে। ইয়াৰ পিছতে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে।

    ২০১৭ চনত মহাগঠবন্ধন : লালু পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত নীতিশ কুমাৰে পদৰ পৰা পদত্যাগ কৰে আৰু তাৰ পিছত বিজেপিৰ সমৰ্থনত ষষ্ঠবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

    ২০২০ চনত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী: ২০২০ চনৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰৰ দলে মাত্ৰ ৪৩ খন আসনহে লাভ কৰিছিল যদিও এই নিৰ্বাচনতো বিজেপিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতাৰ সংখ্যা লাভ কৰিছিল। নীতিশ কুমাৰৰ ওপৰত বিশ্বাস প্ৰকাশ কৰি বিজেপিয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী আৰু নীতিশে সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং