নিৰ্ভয়া কাণ্ডঃ ২২ জানুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াৰ ৪ দোষীক

আদালতে ক'লে যে জেল বিষয়াই এইটো ৰিপৰ্ট দিব লাগিব যে তেওঁলোকে ২২ জানুৱাৰীত ফাঁচী নিদিয়ে

0
81

পাটিয়ালা হাউছ কৰ্টে নিৰ্ভয়া কাণ্ডৰ আন এজন দোষী মুকেশ সিঙৰ আৱেদনৰ শুনানি গ্ৰহণৰ সময়ত দোষীৰ ফাঁচীৰ দিন স্থগিত কৰে। ইয়াৰ অৰ্থ হ’ল ২২ জানুৱাৰীত ৪ দোষীক ফাঁচী দিয়া নহয়। আদালতে ক’লে যে জেল বিষয়াই এইটো ৰিপৰ্ট দিব লাগিব যে তেওঁলোকে ২২ জানুৱাৰীত ফাঁচী নিদিয়ে।

দিল্লী চৰকাৰে বৃহস্পতিবাৰে আদালতত এটা ৰিপ’ৰ্ট দাখিল কৰে য’ত কোৱা হৈছে যে আমি মুকেশৰ আৱেদন খাৰিজ কৰি এলজিলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া আদালতে যিখন বিস্তৃত ৰিপ’ৰ্ট বিচাৰিছে তাত সকলো তথ্য দিল্লী চৰকাৰ আৰু জেল অথৰিটীয়ে আদালতত প্ৰচাৰ কৰিব লাগিব।

নিয়মনুসৰি জেল বিষয়াই আদালত আৰু ৰাজ্য চৰকাৰক জনাব লাগিব যে দয়া ভিক্ষাৰ আৱেদন দাখিল কৰা হৈছে আৰু ফাঁচীৰ শাস্তি স্থগিত কৰিব লাাগে। জেল বিষয়াই ৰিপ’ৰ্ট দাখিল কৰিব লাগিব যে, যেতিয়ালৈ ৰাষ্ট্ৰপতি দ্বাৰা নিৰ্ণয় কৰা নহয় তেতিয়ালৈ কয়দীক ফাঁচী দিয়া নহয়।