ভাৰতৰ বহু কোটি টকা খাই বিদেশলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীক ভাৰতলৈ অনা হ’ব। ইয়াৰ বাবে লণ্ডন ন্যায়ালয়ে আজি মঞ্জুৰী প্ৰদান কৰে।
নীৰৱ মোদীৰ ভাৰতলৈ আহিব নিবিচাৰাৰ বাবে এক আবেদন দাখিল কৰিছিল লণ্ডন ন্যায়ালয়ৰ ওচৰত। কিন্তু লণ্ডনৰ ন্যায়ালয়ে আজি সেই আবেদন খাৰিজ কৰি পলৰীয়া নীৰৱ মোদীক অনাৰ বাবে ভাৰতৰ আবোদন নিৰপেক্ষ বুলি মঞ্জুৰী প্ৰদান কৰে।
লণ্ডন ন্যায়ালয়ে এই ক্ষেত্ৰত কয় যে, নীৰৱ মোদীয়ে ভাৰতত বহু প্ৰশ্নৰে উত্তৰ দিবলৈ আছে। আনহাতে ভাৰতলৈ প্ৰত্যাবৰ্তন মানেই শাস্তি।
লগতে ন্যায়ালয়েইয়াকো কয় যে, নীৰৱ মোদীয়ে দিয়া সকলো ভাষ্যৰে সামঞ্জস্য নাই। ইয়াৰ বিপৰীতে ভাৰতে দাখিল কৰা সকলো মন্তব্যৰে প্ৰমাণ আছে।
অৱশ্যে এতিয়াই স্পষ্ট ৰূপত কব নোৱাৰি যে, নীৰৱ মোদী এই নিৰ্দেশনাৰ পিছতে ভাৰতলৈ আহিব। কিয়নো নীৰৱ মোদীৰ হাতত এতিয়াও আন এক সুযোগ আছে যে তেওঁ পুনৰ লণ্ডনৰে উচ্চতন ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে।
আৰু পঢ়ক : শিলচৰত বৰাক নৈত জাপ দি যুৱকৰ আত্মহত্যা