জুবিন মৰি গলেও বেয়া নাপাও বুলি মন্তব্য কৰা যুৱকৰ মাতৃৰ কান্দি কান্দি ক্ষমা প্ৰাৰ্থনা

সম্প্ৰতি ৰাইজৰ ৰোষৰ ভয়ত পলাতক অৱস্থাত আছে নীৰৱ হাজৰিকা

0
400

“জুবিনদা আপুনি সোনকালে সুস্থ হৈ উঠক। কিন্তু যিমানখিনি ‘কা’ বিৰোধৰ নামত চিঞৰ বাখৰ কৰিলে তাৰ কাৰণে মৰি গ’লেও বেয়া নাপাওঁ।” এই মন্তব্য কৰি বৰ্তমানে ছচিয়েল মিডিয়াত জুবিন প্ৰেমী ৰাইজৰ ৰোষত যুৱক। অকল ছচিয়েল মিডিয়াতে নহয়, এনে কটু মন্তব্য কৰা যুৱকজনক চিনি পোৱা সকলে যুৱকজনৰ বাসগৃহতে উপস্থিত হৈ কৰিছে ভৰ্ৎসনা।

নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে এনে কটু মন্তব্য আগবঢ়োৱা যুৱকজন হৈছে লখিমপুৰৰ নাৰায়নপুৰৰ নীৰৱ হাজৰিকা। বিজেপি কৰ্মী নীৰৱ হাজৰিকাৰ ঘৰ নাৰায়ণপুৰৰ তাঁতীবাহাৰত।

অসুস্থ জুবিন গাৰ্গৰ বিৰুদ্ধে এনে মন্তব্য দিয়া নীৰৱ হাজৰিকাৰ ঘৰত বিচাৰি গৈছিল বীৰ লাচিত সেনাৰ একাংশ সদস্যই। পিছে পৰিতাপৰ বিষয় পুত্ৰই এই কাৰ্যত সমাজৰ আগত ক্ষমা নিবিচাৰিলেও মাতৃয়ে কান্দি কান্দি ক্ষমা বিচাৰে। বীৰ লাচিত সেনাৰ সদস্যসকলৰ আগতেই কান্দি-কান্দি পুত্ৰৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে মাতৃয়ে।

অৱশ্যে সম্প্ৰতি ৰাইজৰ ৰোষৰ ভয়ত পলাতক অৱস্থাত আছে নীৰৱ হাজৰিকা। অনতিপলমে ক্ষমা খোজাৰ দাবী বীৰ লাচিত সেনাৰ।

Photo Credit: @facebook