ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য ঘটনা। নাজিৰাৰ কেটেকীবাৰীত প্ৰায় ৪৫ বছৰীয়া এজন লোকৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া এটি কণমানি। ঘৰত কোনো নথকাৰ সুযোগ লৈ কণমানিগৰাকীক বলপূৰ্বকভাৱে হাবিলৈ লৈ গৈ বলাৎকাৰ কৰে ৰেকিবুদ্দিন আলী ওৰফে ভাইটি আলী নামৰ লম্পটটোৱে।
তাৰ পিছতে ঘটনা সম্পৰ্কে কণমানিটিয়ে মাতৃক অৱগত কৰাত লাগে হাহাকাৰ। লগে লগে স্থানীয় ৰাইজে আত্মগোপন কৰি থকা অৱস্থাত লম্পটটোক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক।
ভুক্তভোগী কণমানিটিক চিকিৎসা প্ৰদানৰ লগতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰেকিবুদ্দিন আলীৰ বিৰুদ্ধে ৩০৩/১৯ নম্বৰত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Guwahati | Edited by: Dulu Medhi