এক জঘন্য ঘটনা ! পিতৃক প্ৰতিশোধ ল’বৰ বাবেই ৯ বছৰীয়া কন্যাক ডিঙি ৰেপি হত্যা

0
2042

এক জঘন্য ঘটনা ! পিতৃক প্ৰতিশোধ ল’বৰ বাবেই ৯ বছৰীয়া কন্যাক ডিঙি ৰেপি হত্যা

মহাৰাষ্ট্ৰৰ থানে জিলাৰ কল্যাণত এটা আচৰিত ঘটনা সংঘটিত হৈছে। ইয়াত এগৰাকী ন বছৰীয়া শিশুক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা হৈছে। হত্যাকাণ্ডটোৰ লগত জড়িত ১৫ বছৰীয়া এজন কিশোৰক আটক কৰা হৈছে। আৰক্ষীয়ে দিয়া তথ্য মতে ঘটনাটো সম্ভৱতঃ বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হৈছিল।

কল্যাণ ৰে’ল ষ্টেচনৰ ওচৰৰ আৱাসিক চৌহদৰ বাছ ডিপোৰ ওচৰত তেজৰে লুটুৰি পুটুৰি অৱস্থাত এটি ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও তেওঁ সেই চৌহদৰ বাসিন্দা নাছিল। এলেকাটোৰ স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে প্ৰাৰম্ভিক প্ৰতিবেদনত কৈছে যে শিশুটিত প্ৰথমতে ধৰ্ষণ কৰা হয়। তাৰ পিছত ডিঙি ৰেপি হত্যা কৰে। লগে লগে আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত এগৰাকী ১৫ বছৰীয়া কিশোৰক আটক কৰিছে।

কিশোৰ জনে আৰক্ষীক কয় যে শিশুটিৰ পিতৃয়ে তেওঁক গালি পাৰিছিল। সেয়ে তেওঁক শিশুটিক ধৰ্ষণ কৰি হত্যা কৰে।