33 C
Guwahati
Wednesday, September 28, 2022
More

    ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত ৯ জন লোক

    ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত ৯ জন লোক

    পশ্চিম বংগৰ বীৰভূম জিলাৰ ৰামপুৰহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথ দুৰ্ঘটনাটোৰ ফলত ৯ জনকৈ লোক নিহত হয়।

    জানিবলৈ পোৱা মতে অটোখনত থকা ৯ জন লোক পথাৰৰ পৰা কাম কৰি ঘৰলৈ উভতি আহিছিল। কিন্তু আধা বাটতে এখন বাছৰ সৈতে মুখা-মুখি সংঘৰ্ষ হয়।

    দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে অটোখনৰ চকা ওলাই চিটিকি গৈছিল। আৰু অটোখন বাছখনৰ তলত সোমাই গৈছিল।

    যাৰ ফলত অটোখনত থকা ৯ জন লোক থিতাতে নিহত হোৱাৰ লগতে বাছখনৰ বহু লোক আহত হয়। বাছখনৰ তলৰ পৰা বহু সময় চেষ্টা কৰি অটোখন উলিয়াই অনা হয়।

    দুৰ্ঘটনাটোক লা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাটোত নিহত হোৱা সকলৰ পৰিয়াললৈ ২ লাখকৈ টকা প্ৰদান কৰাৰ লগতে আহত সকলক ৫০,০০০ টকাৰ সাহাজ্য় প্ৰদান কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং