32 C
Guwahati
Thursday, September 16, 2021
More

    নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ

    নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ

    যোৱা ৮ ছেপ্তেম্বৰ অৰ্থাত বুধবাৰে যোৰহাটৰ নিমাতীঘাটত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ মৃতদেহ উদ্ধাৰ হৈছে।

    আজি ৰাতিপুৱা বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। সোঁহাতৰ আঙুলিত পিন্ধি থকা সোণৰ আঙঠিৰ পৰা চিনাক্ত কৰে।

    মৃতদেহৰ পৰা এটা মানিবেগ আৰু তাৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা ভোটাৰকাৰ্ডখনতো স্পষ্টৰূপত ইন্দ্ৰেশ্বৰ বৰা বুলি উল্লেখ আছে।

    মানিবেগটোত ATM কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চৰ লগতে আন আন নথিপত্ৰও উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা একেই স্থানৰ পৰাই শুকুৰবাৰে ইন্দ্ৰেশ্বৰ বৰাৰ আন এটা বেগ উদ্ধাৰ হৈছিল।

    উল্লেখ্য যে ভয়ংকৰ নাও দুৰ্ঘটনাটোত পূৰ্বে পৰীমিতা দাস নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল। লগতে জীৱন্তে উদ্ধাৰ হৈছিল প্ৰায় ৮৭ জনকৈ লোক।

    কিন্তু সন্ধানহীন হৈ আছিল লখিমপুৰৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা আৰু চিকিৎসক বিক্ৰমজিত বৰুৱা।

    কিন্তু আজি ৰাতিপুৱা বিশ্বনাথ ঘাটত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত নাও দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়।

    উল্লেখ্য যে নাও দুৰ্ঘটনাৰ দিনটোত পত্নীৰ সৈতে ঢেকীয়াখোৱা নামঘৰলৈ গৈছিল ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰা।

    পত্নী ৰূপৰেখা সেনাপতি বৰাক উদ্ধাৰ কৰি আন যাত্ৰীক উদ্ধাৰ কৰিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল ইন্দ্ৰেশ্বৰ বৰা।

    শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত শোকাকুল পৰিৱেশ। কান্দোনত ভাগি পৰিছে বৃদ্ধা পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন।

    স্বামীক বিচাৰি কান্দি-কান্দি অচেতন হৈ পৰিছে পত্নী ৰূপৰেখা সেনাপতি বৰা।

    ইফালে চিকিৎসক বিক্ৰমজিত বৰুৱা আজি পৰ্যন্ত সন্ধানহীন হৈ আছে।

    আৰু পঢ়ক : মাতৃ বিয়োগৰ দুদিন পিছতেই লণ্ডনলৈ উভতিল অক্ষয় কুমাৰ, ছ’চিয়েল মিডিয়াত ট্ৰ’ল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং