
কবি নীলমণি ফুকনৰ পৰিয়ালৰ অনুৰোধ ! আদ্যশ্ৰাদ্ধৰ পিছত ৰাজহুৱা কৰক বন্ধখামৰ চিঠি
কবি নীলমণি ফুকনৰ বিশেষ পত্ৰক লৈ চৰ্চা অব্যাহত আছে। ২০০৪ চনতে বিশিষ্ট সাংবাদিক নিত্য বৰাক কাব্যঋষি নীলমণি ফুকনে এখন পত্ৰ দিছিলে। কিন্তু তেওঁ নিত্য বৰাক সেই চিঠিখন কবি গৰাকীৰ মৃত্যুৰ পিছত হে খোলিবলৈ কৈছিলে।
সেই বন্ধখামৰ পত্ৰখনক সাংবাদিক গৰাকীয়ে মঙলবাৰে অৰ্থাৎ ২৪ জানুৱাৰীত সাংবাদিকৰ জৰিয়তে ৰাজহুৱা কৰাৰ কথা আছিলে। কিন্তু আজি কবি গৰাকী পৰিয়ালৰ লোক সকলে সেই বিশেষ পত্ৰ খন ৩১ জানুৱাৰী অৰ্থাৎ তেওঁৰ আদ্যশ্ৰাদ্ধৰ পিছত খোলিবলৈ আহ্বান জনাইছে।

এখন পত্ৰ যোগে এই আহ্বান জনাইছে পৰিয়ালৰ লোক সকলে। পৰিয়ালৰ হৈ চিঠিখন লিখিছে কবি গৰাকীৰ পত্নী দুলুমণি ফুকনে। এই বিশেষ চিঠিখনক লৈ সমগ্ৰ ৰাজ্যতে এক উৎকণ্ঠাই বিৰাজ কৰিছে।
পৰিয়ালৰ অনুৰোধ সাপেক্ষে নিত্য বৰাইও ৩১ জানুৱাৰীৰ পিছত হে চিঠিখন ৰাজহুৱা কৰিব বুলি আশ্বাস
দিয়ে।