24.1 C
Guwahati
Saturday, September 18, 2021
More

    NIA আদালতে দুবছৰকৈ কাৰাদণ্ড বিহিলে ৬ গৰাকী জে এম বিৰ সদস্যক

    NIA আদালতে দুবছৰকৈ কাৰাদণ্ড বিহিলে ৬ গৰাকী জে এম বিৰ সদস্যক

    নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন জামাত-উল-মুজাহিদীন বাংলাদেশৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ছয়গৰাকী সদস্যক আজি গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰে।

    জে এম বিৰ সদস্য শ্বাহনুৰ আলমৰ লগত সম্পৰ্ক আছিল দোষী সাব্যস্ত হোৱা এই ছয়গৰাকী সদস্যৰ।

    ২০১৯ চনত বৰপেটাৰ পৰা এন আই এৰ দলে গ্ৰেপ্তাৰ কৰিছিল হাফিজুৰ ৰহমান, ইয়াকুব আলী, চৰিফুল ইছলাম, মুস্তাফুৰ ৰহমান, হাফিজ চফিকুৰ ইছলাম আৰু আজাৰুদ্দিন আহমেদক।

    ইয়াৰে হাফিজুৰ ৰহমানৰ পৰা হস্ত নিৰ্মিত বন্দুকৰ লগতে গুলীও উদ্ধাৰ কৰিছিল এন আই এৰ অভিযানকাৰী দলে।

    আৰ্মছ এক্টৰ অধীনত হাফিজুৰ ৰহমানক ২ বছৰ ৫ মাহ কাৰাদণ্ড বিহাৰ লগতে ১ হাজাৰ টকাৰ জৰিমনা বিহা হয়।

    আনহাতে বাকী ৫ জন সদস্যক ২ বছৰকৈ কাৰাদণ্ড বিহে এ আই এৰ আদালতে।

    আৰু পঢ়ক : কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ ব্যৰ্থতাৰ বাবে অসম-মিজোৰাম সীমান্তত গুলিচালনাৰ ঘটনা : আছু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং