
সাহিত্য সভাৰ অধিৱেশনৰ ভিৰৰ মাজতে শুৱালকুছিৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান চম্পা ছিল্কালয়ত মহিলাৰ লুটপাত। CCTVত বন্দী সমগ্ৰ চোৰ কৰা দৃশ্য। গ্ৰাহকৰ ৰূপত প্ৰথমে প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি মহিলাগৰাকীয়ে প্ৰথমে কাপোৰ চোৱাৰ ভাও ধৰে পিছত গ্ৰাহকৰ ভিৰৰ মাজত এযোৰ পাটৰ কাপোৰ লুকুৱাই থয়। আৰু তাৰ পিছৰ মুহূৰ্ততে সেই স্থান ত্যাগ কৰে মহিলাগৰাকীয়ে।
৩ মিনিটৰ ভিতৰতে প্ৰতিষ্ঠানখনৰ পৰা চোৰ কৰি পলায়ন মহিলাগৰাকীৰ। এই সমগ্ৰ ঘটনা CCTVত বন্দী হোৱাৰ পিছতেই হুলস্থুলৰ সৃষ্টি হয় প্ৰতিষ্ঠানখনত। উল্লেখ্য যে চম্পা ছিল্কালয়ে অধিৱেশনৰ দিন কেইটাত অধিৱেশনলৈ অহা সাহিত্য প্ৰেমিক বিনামূলীয়াকৈ চাহ বিতৰণ কৰিছিল। প্ৰথমে চাহ খালে আৰু তাৰ পিছত পাট কাপোৰ লৈ উধাও হ’ল মহিলা চোৰ। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ।
Photo: Time8