বিলাসীপাৰাত তালাচী অভিযানত ৪খন ট্ৰাক জব্দ, ট্ৰাক এৰি পলায়ন ট্ৰাক চালকৰ

অভিযানত জব্দ কৰা হয় দুখন কয়লা ভর্তি ট্রাক, এখন কেঁচা সামগ্ৰীৰ ট্রাক আৰু অসমত নিষিদ্ধ পান মছলা ভর্তি এখন ট্ৰাক

0
340
Photo : Time8
Photo : Time8

বিলাসীপাৰাত প্ৰশাসনৰ কটকটীয়া তালাচী অভিযান। বিলাসীপাৰাৰ বেলতলি ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলিত নিশা চলিল এক অভিযান। ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশ মর্মে চলিছিল এই তালাচী অভিযান। বিলাসীপাৰা মহকুমাধিপতি, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া, চাপৰ ৰাজহ চক্ৰ বিষয়া, আয়কৰ বিভাগ আৰু পৰিবহন বিভাগৰ সমূহীয়া উপস্থিতিত এই অভিযান।

নিশা ১০ বজাৰ পৰা পূৱতি নিশা লৈ চলিল এই তালাচী অভিযান। অভিযানত জব্দ কৰা হয় দুখন কয়লা ভর্তি ট্রাক, এখন কেঁচা সামগ্ৰীৰ ট্রাক আৰু অসমত নিষিদ্ধ পান মছলা ভর্তি এখন ট্ৰাক। জব্দ কৰা ট্ৰাক কেইখনৰ কয়লা ট্ৰাকৰ চালকজনে ছেগ বুজি গাড়ী এৰি পলায়ন কৰে ঘটনাস্থলীৰ পৰা।

জব্দ কৰা বাহন কেইখনৰ নম্বৰ AS 01 FC 3523, AS 17 B5474, WB 41 E8396 আৰু NL01 Q7351। গোটেইকেইখন ট্ৰাক বৰ্তমান স্থানীয় আৰক্ষী থানাত ৰাখি থোৱা হৈছে।