অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ যোৰহাটৰ ৰাজপথো উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে

0
63

হোজাইৰ সদৰ শংকৰদেৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক বিনাচৰ্তে মুকলি কৰা আৰু কা’ বিৰুধিতাৰে প্ৰতিবাদী কাৰ্যসূচী। বিজেপি চৰকাৰ হায় হায়, অমিত শ্বাহ আৰু হিমন্ত বিশ্বৰ গুন্দামী নচলিব, হিমন্ত শৰ্মা হুচিয়াৰ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। লগতে হোজাই জিলা যুৱ কংগ্ৰেছে উপায়ুক্তৰ অসমৰ মুখ্যমন্ত্ৰীলৈও এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত প্ৰতিবাদত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইফালে কামৰুল ইছলাম চৌধুৰীক অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰাক লৈ প্রতিবাদত গৰজি উঠিছে বৰাকৰ হাইলাকান্দি জিলা যুৱ কংগ্রেছ। শুকুৰবাৰে সংগঠনটোৰ জিলা কার্যালয়ত সংবাদমেল পাতি ৰাজ্য চৰকাৰৰ তীব্র সমালোচনা কৰে যুৱ কংগ্রেছ কর্মকর্তাসকলে। তেওঁলোকৰ অভিযোগ ৰাজ্যত চলি থকা অবৈধ সাৰ, কণী, বার্মিজ চুপাৰি আদিকে ধৰি সকলো কলা বেহাৰ বিৰুদ্ধে কথা কোৱাতেই গ্রেপ্তাৰ হৈছে যুৱনেতা কামৰুল।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ যোৰহাটৰ ৰাজপথো উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। যুৱ কংগ্ৰেছৰ ৰাজ্যিক উপ সভানেত্ৰী অংকিতা দত্ত আৰু যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক মেঘনাদ ছেত্রীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম আৰক্ষীয়ে প্ৰায় ৩২টাকৈ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা যুৱকংগ্ৰেছৰ কামৰুল ইছলাম চৌধুৰীক বিনা চৰ্তে মুক্তি দিবৰ বাবে দাবী জনায়। যোৰহাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সমদল কৰি প্ৰতিবাদকাৰীসকলে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।

Photo: Time8

Input: Rituraj Phukan, Biswajit Chakrabarty, RAHATUL AKTAR BARBHUIYA