25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    SBIৰ সতৰ্কবাণী; এইবাৰ সাৱধান নহ’লে খালী হৈ যাব পাৰে বেংক একাউণ্ট

    ষ্টেট বেংক অব ইণ্ডিয়া(SBI)ই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে গ্ৰাহকসকলক এই কথা জনাই যে ভাৰতীয় কম্পিউটাৰ আপদকালীন প্ৰতিক্ৰিয়া টীম (CERT-In)য়ে ভাৰতত এটা Phishing attackৰ সতৰ্কবাণী প্ৰদান কৰিছে

    ভাৰতত কৰ’ণা ভাইৰাছ মহামাৰী আৰু লকডাউনৰ মাজতে দেশৰ সৰ্ববৃহৎ বেংক SBI-এ নিজৰ কোটি কোটি গ্ৰাহকক সতৰ্কবাণী প্ৰদান কৰিছে।

    বেংকে গ্ৰাহকসকলক ক’লে যে অতি শীঘ্ৰে এটা চাইবাৰ এটেক হোৱাৰ সম্ভাৱনা।

    যদি গ্ৰাহকসকলে গুৰত্ব নিদিয়ে তেন্তে তেওঁলোকে একাউণ্টত ৰখা ধন অন্তৰ্ধান হৈ যাব পাৰে।

    ষ্টেট বেংক অব ইণ্ডিয়া(SBI)ই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে গ্ৰাহকসকলক এই কথা জনাই যে,

    ভাৰতীয় কম্পিউটাৰ আপদকালীন প্ৰতিক্ৰিয়া টীম (CERT-In)য়ে ভাৰতত এটা Phishing attackৰ সতৰ্কবাণী প্ৰদান কৰে।

    এই সতৰ্কবাণী কোৱা হৈছে যে চাইবাৰ অপৰাধীয়ে আপোনাক COIVD-19ৰ বিনামূলীয়া পৰীক্ষাৰ বাবে ইমেইল প্ৰেৰণ কৰি আপোনাৰ তথ্য বিচৰাৰ চেষ্টা চলাব পাৰে। আৰু এই তথ্যৰ দুৰ্ব্যৱহাৰ হ’ব পাৰে।

    CBI-য়েও জাৰি কৰিছিল সতৰ্কবাণী

    CBI-য়েও কৰ’ণা সংক্ৰমণৰ এই সমছোৱাত চাইবাৰ আক্ৰমণৰ এলাৰ্ট জাৰি কৰিছিল।

    কিছু দিন পূৰ্বে বিপদৰ আশংকাত CBI-য়ে সাধাৰণ ৰাইজক এলাৰ্ট কৰিছিল।

    CBI-য়ে কৰ’ণা ভাইৰাছৰ নামত হৈ থকা দুৰ্নীতিক লৈ দেশৰ সকলো ৰাজ্য, কেন্দ্ৰ শাসিত অঞ্চল আৰু কেন্দ্ৰীয় এজেঞ্চীসমূহক এলাৰ্ট জাৰি কৰিছিল।

    Photo Credit: dailypioneer.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং